আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

Pc The Economic Times

আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ৭খন জিলাৰ মুঠ ২২টা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন। পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হ’ব ভোটগ্ৰহণ। বিয়লি ৪ বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ১০ নৱেম্বৰত প্ৰকাশ পাব নিৰ্বাচনৰ ফলাফল। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে বিজেপি, কংগ্ৰেছ, অগপ, আপ, জেপিপি আৰু নিৰ্দলীয় প্ৰাৰ্থী। মুঠ ৭১জন প্ৰাৰ্থীৰ মাজত হ’ব প্ৰতিদন্দ্বিতা। ইয়াৰ ভিতৰত বিজেপিৰ পৰা ১৮জন, অগপৰ ৪জন, কংগ্ৰেছৰ ১৪জন আৰু জেপিপিৰ ১৮জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। উল্লেখযোগ্য যে পূৰ্বৰ ২০টা সমষ্টিৰ পৰিৱৰ্তে এইবাৰ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ সংখ্যা ২২টালৈ বৃদ্ধি কৰা হৈছে।