আজি দিল্লীত অমিত শ্বাহৰে মণিপুৰৰ মেইটেই, কুকি বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

PC - Daily Excelsior

আজি দিল্লীত অমিত শ্বাহৰে মণিপুৰৰ মেইটেই, কুকি বিধায়কসকলৰ গুৰুত্বপূৰ্ণ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  মণিপুৰত এবছৰৰো অধিক কাললৈ চলা গোষ্ঠী সংঘৰ্ষৰ ওৰ পেলাবলৈ মণিপুৰৰ জনপ্ৰতিনিধি আগবাঢ়ি আহিছে। দুই সম্প্ৰদায় মেইটেই আৰু কুকি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বিধায়কসকলৰ লগতে নগা সম্প্ৰদায়ৰ বিধায়কসলে ঐক্যবদ্ধ হৈ চলাব ৰাজ্যখনত শান্তিৰ বাতাবৰণ ওভতাই অনাৰ প্ৰয়াস। আজি মণিপুৰৰ জনপ্ৰতিনিধিৰ এই বৃহৎ দলটোৱে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে শান্তি আলোচনাত মিলিত হ’ব। উল্লেখ্য যে বিগত প্ৰায় ১৬ মাহ ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন হিংসাত্মক ঘটনাৰ সাক্ষী হৈ আছে । আনহাতে, এই ভাতৃঘাতী সংঘৰ্ষৰ ফলত ৰাজ্যখনৰ ২২০ গৰাকীৰো অধিক নাগৰিকৰ মৃত্যু হৈছে আৰু ৬,৫০০০ ৰো অধিক লোক নিজ গৃহৰ পৰা বিতাড়িত হ’বলগা হৈছে। যোৱা বছৰ মে’ মাহত সংঘৰ্ষৰ সূত্ৰপাত ঘটাৰ পৰা মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া বৈঠকখন এনেধৰণৰ প্ৰথমখন বৈঠক হ’ব, য’ত মেইটেই, কুকি আৰু নগা বিধায়কসকলে অংশগ্ৰহণ কৰিব । এবছৰৰো অধিক কাল চলিল হত্যা-হিংসাৰ ফাকুখেল চলাৰ পাছত এইবাৰ মণিপুৰৰ আকাশত যেন শান্তিৰ কপৌ উৰুওৱাৰ প্ৰচেষ্টা চলাব ৰাজ্যখনৰ জনপ্ৰতিনিধিয়ে। ইয়াৰ লগতে নিঃসন্দেহে উল্লেখনীয় কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টা।পূব ভাৰতৰ প্ৰতিভাৰ আঁকৰ মণিপুৰলৈ শান্তি ওভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰালয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে। কেইবাবাৰো প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে মণিপুৰ ভ্ৰমণ কৰি গৈছে। সামৰিক বাহিনীৰ উচ্চ পদস্থ বিষয়াও ৰাজ্যখনৰ পৰিস্থিতি অধ্যয়ন কৰি গৈছে। অবশেষত ৰাজ্যখনত শান্তি স্থাপনৰ বাবে গ্ৰহণ কৰিলে বিশেষ সিদ্ধান্ত। ৰাজ্যৰ মেইটেই আৰু কুকি বিধায়কসকলৰ সৈতে একেলগে আলোচনাত মিলিত হ’ব কেন্দ্ৰ। সেই অনুসৰি প্ৰতিগৰাকী বিধায়কৰে ব্যক্তিগতভাবে কৰা হ’ল যোগাযোগ। অবশেষত মণিপুৰলৈ স্থায়ী শান্তি ওভতাই অনাৰ প্ৰচেষ্টাৰে ৰাজ্যখনৰ কুকি, মেইটেই আৰু নগা বিধায়কসকলে সিদ্ধান্ত ল’লে আলোচনাত মিলিত হোৱাৰ। আজি দিল্লীত গৃহমন্ত্ৰী অমিত শ্ৱাহৰ সৈতে বিধায়ক-সংগঠনৰ নেতৃত্ৱই মিলিত হ’ব শান্তি আলোচনাত। এই আলোচনাত প্ৰথম বাৰলৈ একেলগে বহিব কুকি-মেইটেই নেতৃত্ব। আলোচনাৰ মুখ্য লক্ষ্য হ’ব মণিপুৰত দীৰ্ঘস্থায়ী শান্তি। এই আলোচনাত মেইটেই বিধায়কসকলৰ ভিতৰত থংগাম বিশ্বজিৎ, বিধান সভাৰ অধ্যক্ষ থকচম সত্যব্ৰত, থাওনাওজাম বসন্ত কুমাৰ, খংবাণ্টাবাম ইব’মচা, ডঃ ছাপাম ৰঞ্জন, থকচম ৰাধেশ্যাম আৰু থংব্ৰাম ৰবিন্দ্ৰী উপস্থিত থাকিব। আনহাতে কুকি বিধায়কৰ দলটোক প্ৰতিনিধিত্ৱ কৰিব লেটপাও হাওকিপ, পাওলিনলাল হাওকিপ হাওখোলেট কিপজেন। নগা বিধায়কসকলৰ ভিতৰত উপস্থিত থাকিব আৱাংবাও নাৱামি, এল ডিখো আৰু ৰাম মুইভা। ইতিমধ্যে দিল্লীত আহি উপস্থিত হৈছে মণিপুৰৰ জনপ্ৰতিনিধিৰ দলটো।