আজি তেজপুৰলৈ আহিব বলীউদৰ তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন

আজি তেজপুৰলৈ আহিব বলীউদৰ তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন

ৰঙিলী বাৰ্ত্তাসেৱা-  নতুন ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰত ভিৰ কৰিছেহি বলীউদৰ ৰথী–মহাৰথীয়ে।তেজপুৰ বায়ুসেনা ঘাটিত পূৰ্ণগতিত চলিব নতুন ছবি ‘ফাইটাৰ’ৰ শ্বুটিং।আজি তেজপুৰ আহি উপস্থিত হ’ব বলীউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন। তেওঁলোকৰ সৈতে আহিব ১২০ জনীয়া এটা টিম৷ ইতিমধ্যে চাৰিদিন ধৰি নতুন ছবি ‘ফাইটাৰ’ৰ মূল নায়ক ঋত্বিক ৰোশনে তেজপুৰ এয়াৰপৰ্টতে বাহৰ পাতি আছে। ১৬ নৱেম্বৰৰ দিনা অনিল কাপুৰ আৰু দীপিকা পাডুকনৰ ভেনিটি ভেন তেজপুৰত উপস্থিত হোৱাৰ পিছত আজি পুৱা  অভিনেতা ঋত্বিক ৰোশন আৰু ফাইটাৰ’ ছবিৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ বাবে দুখন ভেনিটি ভেন আহি তেজপুৰত উপস্থিত হৈছে। তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত কাইলৈৰ পৰা ‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব।