আজি জিম্বাবুৱেৰ বিৰুদ্ধে যুঁজ দিব টীম ইণ্ডিয়াই

Pc India Today

ৰঙিলী বাৰ্ত্তাসেৱা– আজি মেলবৰ্ণত টি-২০ বিশ্বকাপৰ ছুপাৰ-১২ৰ অন্তিমখন মেচ খেলিব ভাৰতে। ইতিমধ্যে গ্রুপ-১ৰ পৰা ইংলেণ্ড আৰু নিউজিলেণ্ড ছেমি ফাইনেললৈ গৈছে। আনহাতে গ্রুপ-২ৰ পৰা ভাৰত,বাংলাদেশ আৰু পাকিস্তানৰ মাজত যিকোনো দুটা দলে ছেমিত প্ৰৱেশ কৰিব। এফালৰ পৰা চাবলৈ গ’লে টীম ইণ্ডিয়াই মুঠ ৬ পইণ্ট লাভ কৰি গ্ৰুপ ২ৰ শীৰ্ষস্থানত আছে।