আজি আত্মসমৰ্পণ কৰিব চুমি বৰাই

আজি আত্মসমৰ্পণ কৰিব চুমি বৰাই

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি আত্মসমৰ্পণ কৰিব চুমি বৰাই।আত্মসমৰ্পণৰ পূৰ্বে চুমি বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিলে প্ৰথমটো প্ৰতিক্ৰিয়া। ভিডিঅ’ বাৰ্তাটো চুমি বৰাই কয়, ‘বহুত দিনৰ পৰা আপোনালোকে মোৰ বহুত নিউজ শুনি আছে। যি নিউজ বাজি আছে, তাৰে ১০ শতাংশও সঁচা নহয়। মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান মানসিক অত্যাচাৰ হ’ব বুলি কেতিয়াও ভবাই নাছিলো।” তেওঁ পুনৰ কয়, ”মানসিকভাৱে কোনো ধৰণৰ কথা ক’বলৈ বা স্পষ্টিকৰণ দিবলৈ সাজু নাছিলো। সেয়ে সাত দিন যেনেতেনে কটালো যদিও এতিয়া মোৰ বিৰুদ্ধে বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙোৰ খোৱাইছে বিভিন্ন ক্ষেত্ৰত। ন্যায়ালয়ে মোক দোষী কৰাৰ আগতেই নিউজ, মিডিয়াই এতিয়ালৈকো মোক দোষী কৰা ফাঁচী দিছে। ইতিমধ্যে মই দোষী বুলি কথা কৈছে।” চুমিয়ে আৰু কয়, ”গোচৰ আছিল ট্ৰেডিঙৰ বিৰুদ্ধে কিন্তু এতিয়া গোটেই গোচৰ হৈ পৰিল মোৰ বিৰুদ্ধে। আজি বহুত দিনৰ মূৰত সাহস কৰি মই আত্মসমৰ্পণ কৰিবলৈ সাজু হৈছে। মই সম্পূৰ্ণ সহযোগিতা কৰিম আৰক্ষীক। ইমানদিনে সাহস কৰি পৰা নাছিলো। মই পলাই ক’তো থকা নাছিলো। লুকাই আছিলো অকনমান। মই সহ্য কৰিব পৰা নাছিলো এনেকুৱা নিউজ শুনি থাকিবলৈ। যি মন যায় তাকেই কৈ আছে। কোনোধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে।” ”মই ভাবিছিলো মিডিয়াই ইমানখিনি কেতিয়াও নকৰে। আজি মিডিয়াৰ ফলত মই দোষী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা, দেউতা, পৰিয়াল সকলোৰে সন্মান শেষ হৈ পৰিছে। এতিয়া আৰু ধৈয্য ধৰিব পৰা নাই, সীমা থাকে। সেয়ে আজি মই আত্মপসমৰ্পণ কৰিম। মোৰ বিশ্বাস তথ্য চাই ন্যায়ালয়ে সিদ্ধান্ত ল’ব। মিডিয়াৰ নিউজ চাই নহয়। মোৰ বিশ্বাস- যদি মই সত্য হয়, তেনেহ’লে মোৰ কোনো শাস্তি নহয়।”