“আজিৰ কবিতা”
অকণে পঢ়ে অ, আ,
ইলাই পঢ়ে ই,
ভাষা উৰিল ঈগলৰ ঠোঁটত,
আমিনো পঢ়িম কি?
উস্ তেনেকৈ কিয় কোৱা,
বিশ্বত ভাষা হোৱা নাইকীয়া,
মৰক গাঁৱলীয়া মাতৃভাষা
পঢ়া অকণ, ৰহদৈ, সোণমাই
ইংৰাজীতে এ’, বি, ছি।
এ’ ফৰ আপেল
বি ফৰ বল
ছি ফৰ, ছি ফৰ,
ছি ফৰ কি মা?
মই কি জানো মাথা-মুণ্ড,
বাপেৰক সুধি চা!
এ’ ফৰ আপেল
বি ফৰ বল
ছি ফৰ কি দেউতা?
যাঐ কিনো সুধি আছ
কাম কৰি আছোঁ দেখা নাই?
পঢ়গৈ তহঁতে নেওতা।
ৱান, টু, থ্ৰী কৰি
ঘাঁহনিতে বহি শাৰী শাৰী,
আছিল অকণিহঁতে গণনা কৰি,
হঠাৎ আহিল বিৰাট লেব্ৰাডৰ
সকলোটিয়ে উঠি মাৰিলে লৰ।
দেখাতহে ভীমকায় লেব্ৰাডৰ,
মাৰিছানো কিয় মিছাতে লৰ?
ভাত-দাইল খায়ে ডাঙৰ হোৱা,
ককাক-আইতাক আছিল কোনো
চাহ বাগিচাত জনম লোৱা,
মাকৰ আছিল সেয়ে বহুত ভেম,
গাড়ীৰে কৰিছিল অহা-যোৱা,
থাকিবনো কিমান দিন অকলশৰে,
হৈ গ’ল বস্তীৰ ভতুৱাৰে সৈতে প্ৰেম।
দেখাত হ’লেও চাহাবী,
কোনোবাই দিয়ে যদি ডাবি,
তাৰ কুকুৰ অন্তৰত দুখ কি চাবি,
দিনটো নাখাই থাকে মজিয়াতে পৰি,
মৰম কৰিলে আহে নেগুৰ জোকাৰি।
অকণ, বদন, অমলা, কমলা,
হ’লনে শেষ তহঁতৰ ওমলা?
পঢ়া নাইচোন এ’, বি, ছি
আৰু শুনা নাই ৱান, টু, থ্ৰী?
পঢ়াশালিত নাম লগাই দিছোঁ,
ভাবিছ নেকি ফ্ৰী?
বাৰীতে শাক-পাচলি আছে বুলি,
কোনোমতে খাই-বই আছোঁ চলি।
দিনৰ দিনটো কাম কৰি যি পাওঁ,
তাৰেই তহঁতক স্কুললৈ পঠিয়াওঁ।
দৰৱ-পাতিৰো যিহে দাম,
গা বেয়া হ’লেও
লৈ থাকোঁ মাথোঁ
নেদেখা জনৰে নাম।
তোমালোকে যদি নোৱাৰা পঢ়াব,
আমিনো কিয় লাগে পঢ়িব?
আয়ান, ৰীমাহঁতে টিউছনলৈ যায়
আমি ক্লাছত মনে মনে থাকোঁ চায়,
সিহঁতে পঢ়াবোৰ ইমান পাৰে পায়!
নিজকে গাধা যেনহে লাগি যায়।
মাহে মাহে কিয়যে নাহে,
এই নিৰ্বাচনবোৰো পাই,
নহ’লেতো চিন্তা নাছিল,
ফ্ৰীতে বহুত কিবাকিবি
আমালৈতো আহি যায়।
হে ঈশ্বৰ, নাজানো কি হ’ব,
ল’ৰা-ছোৱালীবোৰক নোৱাৰোঁ পঢ়াব,
সিহঁতেনো কেনেকৈ ডাঙৰ মানুহ হ’ব?
নে আমাৰ দৰেই আনৰ বন কৰি খাব?
আমাৰ জীৱন যুগ যুগ ধৰি
এনেকৈ দুখীয়া হৈয়েই ৰব?
চৈয়দা জেবীন চাবীৰা শ্বাহ
নিউয়ৰ্ক