আজিৰে পৰা গুৱাহাটীৰ চিটি বাছসমূহে যাত্রীক দিব ই-টিকট

Pc The Janambhumi

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ পৰা গুৱাহাটী চিটি বাছত ই টিকট প্ৰণালী আৰম্ভ হ’ব। যাত্ৰীসকলে এতিয়াৰ পৰা লাভ কৰিব ই–টিকট। এক জাননীযোগে এই কথা জিলা পৰিবহণ বিষয়া আৰু কামৰূপ (এম)ৰ আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই (আৰটিএ)সচিবে সকলো চিটিবাছ মালিকক জনায়। এই জাননীযোগে চিটিবাছ মালিকক ভ্ৰমণকাৰী যাত্ৰীসকলক ই-টিকট প্ৰদান কৰিবলৈ সকলো চিটি বাছত ই-টিকেটিং মেচিন অধিগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। শুকুৰবাৰে আৰটিএ চিটি বাছৰ ভাড়া বৃদ্ধি কৰাৰ কথা ঘোষণা কৰাৰ লগতে ভ্ৰমণকাৰী যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰিবলৈ ই-টিকেটিং মেচিন ব্যৱহাৰৰ অনুমোদন জনাইছে। বাছৰ লোকে যাত্ৰীসকলক ই–টিকট দিয়াটো বাধ্যতামূলক কৰা হৈছে। সকলো চিটি বাছৰ মালিক আৰু সংগঠনক ১ নৱেম্বৰ ২০২২ৰ পৰা ই-টিকট জাৰী কৰা আৰু ভ্ৰমণকাৰী যাত্ৰীৰ পৰা ভাড়া সংগ্ৰহ কৰাৰ বাবে ই-টিকেটিং মেচিন ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক বুলি জনোৱা হৈছে। ইয়াৰোপৰি ই-টিকেটিং অবিহনে চিটিবাছবোৰ চলাবলৈ অনুমতি দিয়া নহ’ব বুলিও উল্লেখ আছে উক্ত জাননীত। উল্লেখযোগ্য যে, ৫০০ৰো অধিক চিটিবাছত ই–টিকটৰ ব্যৱস্থা থাকিব। গুৱাহাটীৰ সকলো চিটিবাছতেই  ই–টিকেটিং মেচিন থকাটো বাধ্যতামূলক কৰাৰ লগতে  যাত্ৰীসকলক ই–টিকট দিয়াৰ নিৰ্দেশ  দিছে জিলা পৰিবহণ বিভাগে। মন কৰিবলগীয়া যে, এই ই–টিকটত ষ্টপেজ আৰু ভাড়াৰ মূল্য আৰু তাৰিখ উল্লেখ থাকিব। ইয়াৰোপৰি পৰিবহণ বিভাগে নিৰ্ধাৰণ কৰা মূল্যতহে ভাড়া সংগ্ৰহ কৰিব পাৰিব। ই–টিকেটিং মেচিন নথকা চিটিবাছ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে পৰিবহণ বিভাগে।