আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ

Pc The Janambhumi

আজিৰে পৰা অসম বিধান সভাৰ শৰৎকালীন অধিৱেশন আৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে পঞ্চদশ অসম বিধান সভাৰ ২০২২ চনৰ শৰৎকালীন অধিৱেশন আৰম্ভ হয়। এই অধিৱেশনত, ১৫ খন বিধেয়ক উত্থাপন কৰা হ’ব যাৰ ভিতৰত ১১ খন সংশোধনী বিধেয়ক, ২ খন বাতিল বিধেয়ক আৰু ২ খন নতুন বিধেয়ক উত্থাপন কৰা হ’ব। ইপিনে, উত্থাপন কৰিব লগা নতুন বিধেয়ক ২ খন হ’ল অসম এৰিয়েল ৰ’পৱেজ বিধেয়ক, ২০২২ আৰু অসম ইউনিফাইড মেট্ৰ’পলিটান ট্ৰান্সপোৰ্ট অথৰিটি বিধেয়ক, ২০২২। আজিৰে পৰা আৰম্ভ হোৱা এই অধিৱেশন ১৯ ছেপ্টেম্বৰত অন্ত পৰিব।