‘আজাদী কী অমৃত’ মহোৎসৱৰ লগত সংগতি ৰাখি চাইকেল ৰেলীৰ শুভাৰম্ভ 

Pc- Wikipedia

‘আজাদী কী অমৃত’ মহোৎসৱৰ লগত সংগতি ৰাখি চাইকেল ৰেলীৰ শুভাৰম্ভ 

অনলাইন বাৰ্ত্তাসেৱা-  মহানগৰীত দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজাদী কী অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় এক বর্ণাঢ্য চাইকেল ৰেলী। বৰ্ণাঢ্য চাইকেল ৰেলীটোৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। গান্ধী জয়ন্তীৰ দিনাৰ পৰা আৰম্ভ হোৱা বন্যপ্রাণী সপ্তাহৰ লগত সংগতি ৰাখি বন বিভাগে আয়োজন কৰে এক চাইকেল ৰেলী। মহানগৰীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ৰ পৰা দ্বীপৰ বিললৈ প্রায় ২৫ কিলোমিটাৰ জোৰা এই চাইকেল ৰেলীত অসমৰ বনমন্ত্ৰী পৰিমল লগতে বন বিভাগৰ আয়ুক্ত সচিব, বি চি চি এফ (বন্যপ্রাণী), বনকৰ্মী আৰু গুৱাহাটীৰ চাইক্লিষ্টসকলে অংশগ্রহণ কৰে।