আজাদী কা অমৃত মহোৎসৱ উদযাপন

আজাদী কা অমৃত মহোৎসৱ উদযাপন

দেৱাশীষ গোস্বামী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ কলিয়াবৰ ব্লকৰ অন্তৰ্গত এন চি ভূৰবন্ধা বিদ্যালয়ত বৰ উলহ-মালহেৰে স্বাধীনতা দিৱস কাৰ্য্যসূচী উদযাপন কৰা হয়।বিভাগীয় নিৰ্দেশমৰ্মে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এইবাৰ ইংৰাজী ১২/৮/২২ তাৰিখৰ পৰাই উদযাপন কৰা হয় স্বাধীনতা দিৱস।১২ তাৰিখে পুৱা সমূহ শিক্ষক-শিক্ষয়েত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সমন্বিতে সকলোৱে একেলগে “প্ৰভাত ফেৰী”(ঘৰে ঘৰে জাতীয় পতাকা)অনুস্থানত অংশগ্ৰহণ কৰে।
১৫/৮/২২ তাৰিখে পুৱা ৭ বজাত পতাকা উত্তোলন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষয়েত্ৰী শ্ৰীমতী গায়ত্ৰী শইকীয়া ও সমাজসেৱক শ্ৰীযুত নেপাল দাস ডাঙৰীয়াই।তাৰপিছত সমূহ শিক্ষক-শিক্ষয়েত্ৰী,ছাত্ৰ-ছাত্ৰী আৰু উপস্থিত ৰাইজ সমন্বিতে সকলোৱে একেলগে ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰে।তাৰ পিছত বিদ্যালয় খনৰ সহকাৰী শিক্ষক সঞ্জয় কুমাৰ দাসে সকলোৰে আগত তেখেতৰ সাৰুৱা বক্তব্য আগবঢ়ায়।শিক্ষক সঞ্জয় কুমাৰ দাসৰ সহযোগত কণ কণ ছাত্ৰ-ছাত্ৰী সকলে স্বদেশপ্ৰেমমূলক গীত -নৃত্য পৰিবেশন কৰে।ইয়াৰ দ্বাৰা তেওঁলোকৰ সুপ্ত প্ৰতিভাক জাগ্ৰত কৰাৰ সুযোগ লাভ কৰে।শেষত কণ কণ শিশু সকলক অনাগত দিনবোৰত আৰু সফল হ’বলৈ শুভ কামনা জনাই কাৰ্য্যসূচী সমাপ্ত কৰে।