আগিয়াত হাজাৰ হাজাৰ কৃষক ৰাইজৰ সমাবেশ 

PC - Facebook

আগিয়াত হাজাৰ হাজাৰ কৃষক ৰাইজৰ সমাবেশ 

ৰঙিলী বাৰ্ত্তাসেৱা-গুৱাহাটী উচ্চ নায়ালয়ে যোৱা ৫ ছেপ্তেম্বৰত প্ৰকৃতি প্ৰেমী প্ৰণৱজ্যোতি শৰ্মাই দাখিল কৰা আবেদনক ভিত্তি কৰি গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতক ৰোধ কৰাৰ উদ্দেশ্যে এটা নিৰ্দেশনা জাৰী কৰিছিল ।উক্ত নিৰ্দেশনাৰ পিছতে গোৱালপাৰা জিলা বন বিভাগে চৰকাৰী বনভূমিত ৰোপন কৰা ৰবৰ,তামোল আৰু কল খেতি উচ্ছেদ অভিযান চলাবলৈ প্ৰস্তুতিত সংকিত হৈ আজি গোৱালপাৰা জিলাৰ আগিয়াত  হাজাৰ হাজাৰ ৰবৰ কৃষকৰ সমাবেশ ঘটে ।এই সমাবেশত গোৱালপাৰা আৰু কামৰূপ জিলাৰ কেবাজন কৃষক নেতাই এক উত্তপ্ত ভাষণেৰে বন বিভাগক প্ৰত্যাহ্বান জনাই কৃষক ৰাইজক একগোট হৈ বনবিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ আহ্বান জনাই ।গোৱালপাৰা জিলা ৰবৰ কৃষক সন্থাৰ উদ্যোগত আয়োজিত কৃষক সমাৰোহত কৃষক নেতা অশোক নাথে উদাত্ত ভাষণেৰে কয় যে- গোৱালপাৰা জিলাত বিশেষকৈ ভূমিপুত্ৰ জনজাতি সকলে ৰবৰ,তামোল আৰু কল খেতিক এক বিকল্প খেতি হিচাপে লৈ বিগত ১৯৮৬ চনৰ পৰাই কৰি আহিছে ।এই কৃষিৰ ওপৰতে ভূমিপুত্ৰ জনজাতি সকলৰ জীৱন- জীৱিকা নিৰ্ভৰ কৰিবলগীয়া হৈছে ।বিশেষকৈ ৰবৰ খেতিৰ পৰা জিলাখনৰ ক্ষুদ্ৰ তথা উপান্ত কৃষকৰ হাতলৈ বছৰি ২৩০ কৌটি টকা আহিছে আৰু ১১.৫০ কৌটি টকা চৰকাৰে জিএছটি হিচেপে পাইছে ।এই খেতিয়ক সকলৰ ভিতৰত ৯৯.৯৯ শতাংশই জনজাতি ভূমিপুত্ৰ ।গতিকে এই খেতিয়ক সকলে বহুত কষ্ট কৰি ৰোপন কৰা কল খেতি,ৰবৰ খেতি আৰু তামোল খেতিক হাতী-মানুহৰ সংঘাতৰ গইনা লৈ উচচ্ছেদ অভিযান চলালে এই খেতিয়ক সকল কেতিয়াও হাত হাবতি বহি নাথাকে ।বন বিভাগে ধ্বংস কৰিছে সৃষ্টি কৰা নাই ।গাঁৱৰ মানুহে শালগছ সংৰক্ষণ কৰিছে বন বিভাগে কৰা নাই ।গোৱালপাৰাৰ  ভালুকডুবি শালনিঝাৰ কল্যাণপুৰ গাঁৱৰ ৰাভা মহিলা সমিতিয়ে আজি কেবাবছৰৰ পৰা বন কৰ্মীৰ ৰূপত টহল দি দি সংৰক্ষণ কৰি ৰখাৰ উদাহৰণ দি কৃষক নেতাজনে এইদৰে কয় ।ৰবৰ খেতিয়ে জিলাখনৰ হাজাৰ হাজাৰ নিৱনুৱা যুৱকক সংস্থাপন দিছে ।যি খেতিৰ জৰিয়তে জিলাখনলৈ শান্তিৰ পৰিবেশ সৃষ্টি হোৱা বুলি কৈ কৃষক ৰাইজক সন্মিলতভাবে একগোট হৈ সমাগত সংকটৰ মুখামুখী হবলৈ আহ্বান জনায় ।সমাবেশত গাৰো ছাত্ৰ সন্থাৰ অসম জ’নৰ সম্পাদক কৰ্ণেল সাংমাই চৰকাৰক জধে-মধে উচ্ছেদ নকৰিবলৈ আহ্বান জনায় ।ইয়াৰ পিছত উদ্যোক্তা গোৱালপাৰা জিলা ৰবৰ কৃষক সন্থাৰ সভাপতি দেবানন্দ চৌধুৰীয়ে তথাকথিত প্ৰকৃতিপ্ৰেমী পণৱজ্যোতি শৰ্মা কোন বুলি প্ৰশ্ন কৰে ।প্ৰণৱজ্যোতি শৰ্মাই গোৱালপাৰা জনজাতি কৃষক ৰাইজৰ মাজত অশান্তি সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।প্ৰণৱজ্যোতি শৰ্মাই জানে নেকি গোৱালপাৰা কি কাৰণে হাতী আৰ মানুহ দুয়োটাই মৰিছে ।ইয়াৰ বাবে দায়ী কোন ।কিন্তু আজি বন বিভাগে হাতী-মানুহৰ এই সংঘাতক ৰবৰ কৃষকৰ ওপৰত দোষ জাপি দি ৰবৰ খেতি সমূলি উচ্ছেদ কৰিব বিচাৰিছে ।তেওঁ কয় যে-আচলতে কৃষকে খাজ মাটি বা পতিত মাটি বুলিহ নিজ পিজ অঞ্চলত থকা খালী ভূমি সমূহত ৰবৰ খেতিকে ধৰি কল খেতি, তামোল খেতি আৰু অন্যান্য খেতি কৰি আহিছিল ।কিন্তু আজি হাতী-মানুহৰ সংঘাতৰ গইনা লৈ ২৫ বছৰৰ মূৰত হঠাৎ বন বিভাগে সেই খেতি সমূহ উচ্ছেদ অভিযান কৰিবলৈ ওলাইছে ।গতিকে বন বিভাগৰ এই কাৰ্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিবলৈ কৃষক ৰাইজক আহ্বান জনায় ।সমাবেশত কৃষক ৰাইজে হাতী-মানুহৰ সংঘাতক লৈ গোৱালপাৰাত উচ্ছেদ অভিযান নচলিব,বন বিভাগ হায়! হায় !,ৰবৰ কৃষক জিন্দাবাদ ,প্ৰণৱজ্যোতি হুচিয়াৰ আদি শ্লোগান দি আকাশ বতাহ উত্তপ্ত কৰি তোলে ।আজিৰ সমাবেশতে গোৱালপাৰা জিলা ৰবৰ কৃষক সন্থাই অহা ১০ নৱেম্বৰত গোৱালপাৰা ডিএফঅ কাৰ্যালয়ৰ সন্মূখত আৰু ১৬ নৱেম্বৰত দুধনৈ ৰাজহ চক্ৰ কাৰ্যালয়ত ধৰ্না কাৰ্যসূচী ৰূপায়নৰ কথা ঘোষণা কৰে৷