আগন্তুক ১৪ অক্টোবৰত মুক্তি পাব ক্রেয়ন ফ্ৰী প্ৰডাকছনৰ পৰৱৰ্তী চিনেমা ঘোষ্ট অৱ মাইখুলি

Pc the Janambhumi

আগন্তুক ১৪ অক্টোবৰত মুক্তি পাব ক্রেয়ন ফ্ৰী প্ৰডাকছনৰ পৰৱৰ্তী চিনেমা ঘোষ্ট অৱ মাইখুলি

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক ১৪ অক্টোবৰত ক্রেয়ন ফ্ৰী প্ৰডাকছনৰ গীতা পাঠকৰ প্ৰযোজনা আৰু পংকজ চোৰাম পৰিচালিত চিনেমা ঘোষ্ট অৱ মাইখুলি মুক্তি দিয়া হ’ব। সেই উপলক্ষে আজি গুৱাহাটীৰ মেট্রিক্স চিনেমাত চিনেমাখনৰ সকলো কলা কুশলীৰ উপস্থিতিত পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰা হয়। মুক্তিৰ বাবে সাজু হৈ উঠা ঘোষ্ট অৱ মাইখুলিৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ মুকলি কৰাৰ বাবে আয়োজিত এই বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে জনপ্রিয় অভিনেতা ৰবি শৰ্মা আৰু জনপ্ৰিয় পৰিচালক হিমাংশু প্রসাদ দাস উপস্থিত থাকে। ইপিনে, এই চিনেমাখনৰ কাহিনী পংকজ চোৰাই ৰচনা কৰিছে। লগতে, পংকজ চোৰাম আৰু চন্দ্ৰ কুমাৰ দাসে চিত্ৰনাট্য কৰিছে। আনহাতে, ফিল্ম স্ক্রিপ্ট পংকজ চোৰাম আৰু অংকুৰ ডেকাৰ। সংলাপ পংকজ চোৰাম, চন্দ্ৰ কুমাৰ দাস, প্ৰনৱ কলিতা, ৰূপম শৰ্মাৰ। মুখ্য সহকাৰী পৰিচালক ৰূপম শৰ্মা, সহকাৰী পৰিচালক প্রশান্ত চেলেংগ, সুমন দাস। চিত্ৰগ্ৰহণ চন্দ্ৰ কুমাৰ দাসৰ। সহযোগী চিত্ৰগ্ৰহণকাৰী চিৰঞ্জিত ৰামচিয়াৰী আৰু সহকাৰী চিত্ৰগ্ৰহণকাৰী পৰশমনি বৰা, মিন্টু বর্মন, সুশান্ত বর্মন। সম্পাদনা ধীৰাজ মজুমদাৰৰ সহকাৰী সম্পাদক হীৰকজ্যোতি পাঠক। ৰং সঞ্চাৰণ শ্যামল দাসৰ । শব্দ পৰিকল্পনা দেৱজিত গায়নৰ আৱহ সংগীত ব্যচহল (মনদীপ তাৰো)। এক্সন কৰিঅ’গ্ৰাফাৰ পংকজ চোৰাম, জনী ডালং, মানস দৈমাৰী। ৰূপসজ্জা অনুপ বৰুৱা, কিংকু বড়ো, নয়ন ভূঞা, জয়শ্রী দাসৰ বুলি চিনেমা পৰিচালকে জানিবলৈ দিয়ে। ইয়াৰ লগতে, চিনেমাখনত বাহাৰুল ইছলাম, কমল লোচন ডেকা, ডধী ভৰদ্বাজ, সন্ধ্যা হাজৰিকা, জ্বলি লস্কৰ, পংকজ চোৰাম, কুনাল শর্মা, ৰাজীৱ ক্র, প্রিঞ্চি মহন্ত, পৱন বৰুৱা, বিনোদ লাল দাস, ৰূপম শর্মা, প্রদীপ বৰুৱা, প্রদ্যুত বিকাশ দাসে অভিনয় কৰিছে।