আগজাননী নিদিয়াকৈ পথ ব্যৱসায়ীসকলক উচ্ছেদ কৰা কাৰ্য অমানৱীয়

আগজাননী নিদিয়াকৈ পথ ব্যৱসায়ীসকলক উচ্ছেদ কৰা কাৰ্য অমানৱীয়

ৰঙিলী বাৰ্ত্তসেৱা- গুৱাহাটীৰ ছয়মাইল উৰণীয়া সেতুৰ তলত বছৰ বছৰ ধৰি ব্যৱসায় কৰি পৰিয়াল পােহপাল দি অহা ব্যৱসায়ীসকলক কামৰূপ মহানগৰ জিলা প্রশাসনে অমানৱীয়ভাৱে উচ্ছেদ কৰা কাৰ্যৰ বিৰোধিতা কৰিছে সদৌ অসম পথ ব্যৱসায়ী সন্থাই৷ দিছপুৰ প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত সন্থাৰ মুখ্য উপদেষ্টা নৰেন হাজৰিকা আৰু সভাপতি চন্দন গোস্বামীয়ে কয়- কোনাে আগজাননী নিদিয়াকৈ বিকল্প ব্যৱস্থা অবিহনে এনেদৰে উচ্ছেদ কৰা কাৰ্য স্বৈৰতান্ত্রিক৷ পথ ব্যৱসায়ীৰ আইন, ২০১৪ৰ অধীনত প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসনকালতে ছয়মাইল উৰণীয়া সেতুৰ তলৰ ঠাইখিনি ব্যৱসায়ীসকলৰ বাবে অনুমােদন জনাইছিল আৰু সেইমর্মে এশজন ব্যৱসায়ীক গুৱাহাটী পৌৰ নিগমে ব্যৱসায়ীৰ পৰিচয়পত্র প্রদান কৰিছিল। তেতিয়াৰ পৰাই ব্যৱসায়ীসকলে নিয়মীয়াকৈ কৰ পৰিশােধ কৰি আহিছে। ইয়াৰ উপৰি এশজন ব্যৱসায়ীয়ে প্রধানমন্ত্রী স্বনিধি যােজনাৰ অধীনত ক্রমে ১০ হাজাৰ আৰু ২০ হাজাৰ টকাৰ দুটা কিস্তিৰ ঋণ লাভ কৰিছিল৷ নিয়মিত কৰ পৰিশােধ আৰু পৌৰ নিগমৰ পৰিচয়পত্ৰ থকাৰ পাছতাে ব্যৱসায়ীসকলক উচ্ছেদ কৰা কাৰ্য বিজেপি চৰকাৰৰ আক্রোশমূলকহে আচৰণ৷ যদি প্রশাসনে ৪৮ ঘণ্টাৰ ভিতৰত সন্থাৰ স’তে আলােচনাত বহি সমাধান আগ নবঢ়ায় তেন্তে ব্যাপক আন্দোলন গঢ়ি তােলা হ’ব আৰু আন্দোলনকাৰীয়ে গুলি বুকু পাতি ল’বলৈ সাজু থাকিব৷ ব্যৱসায়ী ৰাজীৱ ডেকাক আৰক্ষীৰ এজন উচ্চপদস্থ বিষয়াই প্ৰহাৰ কৰা কাৰ্য অতি লজ্জাজনক৷ অন্য এগৰাকী ব্যৱসায়ী হাছিনা বেগমে চৰকাৰী পক্ষই পথ ব্যৱসায়ীসকলক আৱৰ্জনা হিচাপে গণ্য কৰা কাৰ্যৰ তীব্র প্রতিবাদ কৰে সংবাদ মেলত৷