” আক্ষেপ ”
আক্ষেপ নাই মোৰ আজি তোমালৈ
মোক জীয়াই থাকিবলৈ দিয়া
পাহৰিব খোজোঁ সেই দিনবোৰ
নালাগে আহিব মনলৈ
প্ৰতিশ্ৰুতি আজি নালাগে মোক
সপোনৰ ঘৰখন তুমি সজাম বুলি কোৱা
ভাগৰ লাগিছে আজি মোৰ
মোক অকণমান শুব দিয়া
পৃথিৱীৰ কোলাত শান্তিৰে
আৰু মোক আমনি নকৰিবা
মই আজি সঁচায় ভাগৰুৱা….
হিমাদ্ৰী বৰকটকী
শিৱনগৰ ২ নং উপপথ
নগাঁও