আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আকাশলঙ্ঘী মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ১২ ঘণ্টীয়া অনশন কাৰ্যসূচী গুৱাহাটীৰ চচলস্থিত অনশন স্থলিত আয়োজন কৰা হয়। বিজেপি চৰকাৰৰ শাসনত দিনে দিনে ডলাৰৰ তুলনাত টকাৰ মূল্য কমি আৰু সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ আছে, কিন্তু বিজেপি দলে শাসনলৈ অহাৰ পূৰ্বে মূল্য বৃদ্ধিক লৈ অধিক সৰব আছিল। মূল্য বৃদ্ধিৰ প্ৰতিবাদত গৰুগাড়ীত উঠা, পিয়াজৰ মালা পিন্ধা, আদি আনকি হাতৰ খাৰু খুলি বিজেপি নেত্ৰীয়ে প্ৰতিবাদ কৰিছিল, কিন্তু আজি বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছত দেশৰ অৱস্থা কি হৈছে? আজি জীৱনদায়িনী ৮০০ বিধ ঔষধৰ দাম বৃদ্ধি, সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধি, ৰন্ধন গেছৰ অভাৱনীয় মূল্য বৃদ্ধি টোলগেট টেক্স আদি বৃদ্ধি কৰি সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি ঘটাই বিজেপি চৰকাৰে আমাৰ সাধাৰণ জনগণৰ জীৱনযাপন স্তব্ধ কৰি দিছে। আনহাতে বিজেপি নেতা, মন্ত্ৰী সকলে মূল্যবৃদ্ধি প্ৰসঙ্গত সময়ে সময়ে তুলুঙা মন্তব্য দি সাধাৰণ জনতাক উপলুঙা কৰি আছে। হিতাধিকাৰী আচনিৰে দৰিদ্ৰ জনতাক সহায় কৰিব বুলি কোৱা চৰকাৰ খনৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পাপ ফলত মানুহ দৰিদ্ৰ হয় বুলি কৈ আমাৰ সাধাৰণ জনতাক উপলুঙা কৰাৰ দৰে আন নেতা-মন্ত্ৰী কিছুমানেও তুলুঙা মন্তব্য দিয়া দেখি আহিছো, এয়া নিশ্চিত ভাৱে গৰিহণাৰ যোগ্য। আমি অসম তৃণমূল কংগ্ৰেছে সেই টুলুঙা মন্তব্যক আৰু মুল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰ খনক গৰিহণা দিছো আৰু শীঘ্ৰেই সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী উত্থাপন কৰিলো৷