আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Pc Facebook

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াত সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়স্থিত নিজৰ বাসভৱনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়স্থিত অল ইণ্ডিয়া ৰেডিঅ’ আৰু দূৰদৰ্শন কেন্দ্ৰৰ (ডিডিকে) বিষয়াৰ এটা প্ৰতিনিধি দলক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰি ডিব্ৰুগড়ৰ পৰা এআইআৰৰ দৈনিক অসমীয়া নিউজ বুলেটিন বন্ধ কৰাৰ বিষয়টোকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে । ইয়াৰ পিছতে সোণোৱালে সচিব, তথ্য আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে ফোনযোগে কথা পাতে আৰু বৈঠকত আলোচনা কৰা বিষয়সমূহ সন্দৰ্ভত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে ২৫ অক্টোবৰৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত বন্ধ হৈ পৰিছিল অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ। যাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসমীয়াৰ আবেগক গুৰুত্ব নিদি লোৱা এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰিছে সচেতন মহলে।