আই পি এলৰ এখন খেলৰ বাবে ঋষভ পণ্টক নিলম্বন
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে আৰ চি বিৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত দলত নাথাকিব দিল্লীৰ অধিনায়ক ঋষভ পণ্ট। আই পি এল কৰ্তৃপক্ষই দিল্লীৰ অধিনায়ক ঋষভ পণ্টক এখন মেচৰ পৰা নিলম্বন কৰিছে। ইয়াৰোপৰি তেওঁক ৩০ লাখ টকাৰ জৰিমণাও বিহিছে। এনে পৰিস্থিতিত পণ্টবিহীন দিল্লীয়ে আৰ চি বিৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনত কিদৰে প্ৰদৰ্শন কৰিব বা প্লে’ অফত প্ৰৱেশৰ বাট মুকলি কৰি ৰাখিব পাৰিবনে নাই তাক লৈ চিন্তিত হৈ পৰিছে। মনকৰিবলগীয়া যে ৭ মে’ত দিল্লীয়ে ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলা মেচখনতে মন্থৰ অভাৰেটৰ বাবে দিল্লীৰ উইকেটকীপাৰ বেটছমেনজনক নিলম্বন কৰা হৈছে। আই পি এলৰ কৰ্তৃপক্ষই জাৰি কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি পণ্টক কোড অফ কনডাক্ট উলংঘন কৰাৰ বাবে এই শাস্তি প্ৰদান কৰা হৈছে। মন্থৰ আভাৰ ৰেটৰ বাবে আৰ্থিক জৰিমণাৰ লগতে এখন মেচৰ পৰা নিলম্বন কৰা হৈছে। উল্লেখ্য যে, চলিত আই পি এলত দিল্লী কেপিটেলছৰ শ্লো অভাৰ ৰেটৰ এয়া তৃতীয় অপৰাধ। আই পি এলৰ নিয়মানুসৰি মন্থৰ অভাৰ ৰেটৰ বাবে প্ৰথমবাৰৰ বাবে দোষী সাব্যস্ত হ’লে অধিনায়কক ১২ লাখ টকাৰ জৰিমণা বিহা হয়। দ্বিতীয়বাৰ একেই অপৰাধ কৰিলে ২৪ লাখ আৰু তৃতীয়বাৰো অনুৰূপ অপৰাধ কৰিলে ৩০ লাখ টকাৰ জৰিমণা বিহাৰ লগতে এখন মেচৰ পৰা নিলম্বন কৰা হয়। তৃতীয়বাৰ এনে কৰিলে কেৱল অধিনায়ককে নহয় দলৰ প্ৰতিজন সদস্যকে ১২ লাখকৈ অথবা ৫০ শতাংশ মেচ ফী কৰ্তন কৰা হয়।