আই তুমি অতুল্য
আই তুমি মোৰ জীৱনৰে, আই তুমি মোৰ পৰাণৰে,
আলোকময় প্ৰভাতৰ কিৰণ সম;
মেলিলা জীৱনৰ দুৱাৰ, জীৱনৰ হেঙুলী পুৱাৰ,
দেখুৱালা জীৱনৰ পথ সৰ্বোত্তম।
ধৰিত্ৰী আইৰ যে কোলাত, সুন্দৰ বিনন্দীয়া ধৰাত,
মেলিলোঁ আনন্দে মই প্ৰথম নয়ন;
তুমি ভগৱন্ত একমাত্ৰ, তুমি মোৰ জীৱনৰ মিত্র,
কৰালা তুমি ধৰিত্ৰী আইৰ দৰ্শন।
আই মোৰ প্ৰতি উশাহত, জীৱনৰ প্ৰতিটো ক্ষণত,
দেখোঁ প্ৰতি ক্ষণে মই তোমাৰেই ছবি;
অন্ধকাৰক নেওচি যাওঁ, উচিত পথেৰে মই যাওঁ,
তোমাৰ কোৱা মহৎ কথা ভাবি ভাবি।
তোমাৰ মিঠা মিঠা মাতেৰে, তোমাৰ মিচিকিয়া হাঁহিৰে,
মোৰ দুখবোৰ তুমি নাশিবলৈ চোৱা;
তোমাৰ নিজৰ দুখকেই, ৰাখি থোৱা তুমি গোপনেই,
সকলো অভাৱ তুমি পূৰ্ণ কৰি যোৱা।
মোৰ মৰমৰ আই তুমি, মহান সবল সংগ্ৰামী,
তুমিয়ে শুনা মোৰ হৃদয়ৰ কান্দোন;
নাই কোনো তোমাৰ সমান, আই তুমি ৰণুৱা মহান,
দেৱপুৰীৰ দেৱী, পৰাণৰ আপোন।
মোৰ জীৱন আৰু যৌৱন, মোৰ আই তুমি মন প্ৰাণ,
সজালা বসন্তৰ ৰহণীয়া ফুলেৰে;
মৌ বৰষা তোমাৰ হাঁহিটি, স্নেহেৰে ভৰা নয়ন দুটি,
নানা সপোন দেখালা ৰঙীন বুলেৰে।
কত আই তুমি কৰা কষ্ট, সৰু কথাতেই তুমি তুষ্ট,
মাতৃৰূপে পাওঁ যাতে ইহ সংসাৰে;
প্ৰণাম তোমাক কৌটিবাৰ, আই তুমি জীৱনৰে সাৰ,
দীর্ঘায়ু আই তোমাক কৰক ঈশ্বৰে।
–নিতিষ্মান দাস
নৱম শ্ৰেণী