আইএমডিবিৰ দ্বাৰা ২০২১ চনৰ শীৰ্ষ ১০ খন ভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত শীৰ্ষস্থানত ‘জয় ভীম’ আৰু ‘শ্বেৰশাহ’

Pc Freepress Journal

আইএমডিবিৰ দ্বাৰা ২০২১ চনৰ শীৰ্ষ ১০ খন ভাৰতীয় চলচ্চিত্ৰৰ ভিতৰত শীৰ্ষস্থানত ‘জয় ভীম’ আৰু ‘শ্বেৰশাহ’

ৰঙিলী বাৰ্ত্তাসেৱা-  সুৰিয়াৰ ‘জয় ভীম’ আৰু সিদ্ধাৰ্থ মালহোত্ৰা অভিনীত ‘শ্বেৰশাহ’ আইএমডিবিয়ে ঘোষণা কৰা ২০২১ চনৰ শীৰ্ষ ১০ খন ভাৰতীয় চলচ্চিত্ৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। অক্ষয় কুমাৰ অভিনীত ‘সূৰ্যবংশী’ তালিকাৰ তৃতীয় স্থানত আছে, তাৰ পিছত আছে তামিল ছবি ‘মাষ্টাৰ’। বিকি কৌশলৰ ‘চৰ্দাৰ উধম’ আৰু কৃতি চাননৰ ‘মিমি’ পঞ্চম আৰু ষষ্ঠ স্থানত আছে। ধনুষ অভিনীত তামিল চলচ্চিত্ৰ ‘কৰ্ণন’ তালিকাৰ সপ্তম স্থানত আছে।