অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক বাহাৰুল হুছেইনৰ মৃত্যু
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ মলখুবছা আনন্দ নগৰ, বাইলেন-১ নিবাসী ইমদাদুল হুছেইনৰ পিতৃ বাহাৰুল হুছেইনৰ ১জুনৰ পুৱা ৮-৩০ মিনিটত ৯৫ বছৰ বয়সত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। তেওঁৰ জন্ম হৈছিল নামতি চাৰিআলি অঞ্চলত ১৯২৯ চনৰ এক জানুৱাৰীত। নামতি চাৰিআলি মাদ্ৰাছাৰ পৰা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষা সাং কৰি শিৱসাগৰ হাই মাদ্ৰাছাৰ পৰা পাছ কৰাৰ পাছত শিক্ষকতাকে জীৱনৰ ব্ৰত হিচাপে বাচি লয়। সকলোৰে মাজত ‘বাহাৰ চাৰ’ এই ব্যক্তি গৰাকীয়ে সেই সময়ত চৰকাৰৰ পৰা দৰমহা পাইছিল মাত্ৰ পোন্ধৰ টকা। ১৯৮৬ চনৰ ৩১ ডিচেম্বৰত হুছেইনে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু ডিব্ৰুগড়ত থকা পুত্ৰৰ লগতে থাকিবলৈ লয়। এগৰাকী অতি সহজ সৰল ধৰ্মপ্ৰাণ অমায়িক ব্যক্তিৰূপে জনাজাত হুছেইনৰ পত্নীৰ যোৱা বছৰ মৃত্যু হয়। মৃত্যুৰ সময়ত এজন পুত্ৰ আৰু দুগৰাকী কন্যাৰ লগতে নাতি নাতিনীসহ পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। তেওঁৰ জানাজা ডিব্ৰুগড়ৰ নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।