অৱশেষত ফকিৰগঞ্জত উদ্ধাৰ ৰাইডাৰ ননীৰ চুৰি বাইক

অৱশেষত ফকিৰগঞ্জত উদ্ধাৰ ৰাইডাৰ ননীৰ চুৰি বাইক

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত উদ্ধাৰ হ’ল ৰাইডাৰ ননীৰ চুৰি হোৱা বাইক। দেওবাৰে নিশা ফকিৰগঞ্জৰ প্ৰেম বজাৰৰ পৰা বশিষ্ঠ থানাৰ আৰক্ষী আৰু ফকিৰগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰে ৰাইডাৰ ননীৰ বাইকখন।এই সন্দৰ্ভত দুজনক আৰক্ষীয়ে আটক কৰি বাইকসহ নিশাই গুৱাহাটীলৈ লৈ যায়। আটকাধীনদ্বয় ফকিৰগঞ্জ বালাটাৰী গাঁৱৰ আফছাৰ কাজীৰ পুত্ৰ ফিৰোজ কাজী আৰু বাসানীপাৰা গাঁৱৰ আব্দুল জোব্বাৰ পুত্ৰ আশ্রাফুল দেৱান।যোৱা বুধবাৰে গুৱাহাটীৰ সৰুসজাইৰ এটা গেষ্ট হাউছৰ পৰা চুৰি হৈছিল বাইকখন। গেষ্ট হাইছৰ চিচিটিভিত বন্দী হৈছিল বাইক চুৰিৰ দৃশ্য।উল্লেখ্য যে বাইক চুৰি হোৱাৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসম আৰক্ষীক বাইকখন উদ্ধাৰ কৰি দিবলৈ আহ্বান জনাইছিল ৰাইডাৰ ননীয়ে। এই ঘটনাৰ পাছতে তীব্ৰ সমালোচনা হৈছিল সামাজিক মাধ্যমত। ৰাইডাৰ মোহিতৰ বাইকখন অতি শীঘ্ৰে উদ্ধাৰৰ আশ্বাস দিছিল DCP মৃণাল ডেকাই।