অৱশেষত গ্ৰেপ্তাৰ হ’ল আৰ টি আই কৰ্মী দুলাল বৰা
ৰঙিলী বাৰ্ত্তাসেৱা- আৰ টি আই কৰ্মী দুলাল বৰাক অৱশেষত বিচাৰি পালে আৰক্ষীয়ে।দিল্লীৰ এখন হাস্পতালৰ পৰা দিল্লী আৰক্ষীয়ে আটক কৰে দুলাল বৰাক ।বিৰ্তকিত এই আৰ টি আই কৰ্মীজনে বেমাৰৰ ভাও ধৰি দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তাৰ পৰাই তেওঁক দিল্লী আৰক্ষীৰ এটা দলে আটক কৰাৰ পাছত অসম আৰক্ষীক খবৰ দিয়ে। অসম আৰক্ষীৰ এটা দল বুধবাৰে পুৱাই দিল্লীলৈ ৰাওনা হয় দুলাল বৰাক জিম্মাত লবলৈ। ইতিমধ্যে দিল্লীত গৈ উপস্থিত হৈছে অসম আৰক্ষীৰ দলটো। দিল্লী আদালতত হাজিৰ কৰাৰ পাছতে বৰাক অসম আৰক্ষীৰ দলটোৱে নিজৰ জিম্মাত লৈ আজিয়েই গুৱাহাটীলৈ উভতাৰ কথা। উল্লেখযোগ্য যে সোণাৰিৰ বিজেপি নেতাৰ আত্মহত্যাৰ গোচৰত নাম সাঙোৰ খাই পৰা দুলাল বৰাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে যোৱা ২৩ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল ৷ কিন্তু দুলাল বৰা নিজে উপস্থিত নাথাকি নিজৰ মেনেজাৰকহে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়লৈ পঠিয়াইছিল । বিতৰ্কিত আৰ টি আই কৰ্মী দুলাল বৰাই এটা নিউজ পৰ্টেল চলাই আছিল ৷ উক্ত পৰ্টেলটোত এগৰাকী বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথে বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ প্ৰসংগতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দুলাল বৰাক বিচাৰিছিল ৷ তাৰ পিছতেই বিতৰ্কিত আৰ টি আই কৰ্মীগৰাকীয়ে আত্মগোপন কৰি আছিল যদিও নতুন দিল্লীৰ এখন হাস্পতালত আজি দিল্লী আৰক্ষীৰ জালত পৰে তেওঁ ।