অৰ্ধাকৃতিৰ জোনবাই – নাজবিন চুলতানা

PC - Pexels
অৰ্ধাকৃতিৰ জোনবাই
 নাজবিন চুলতানা, পাটসাঁকো
অৰ্ধাকৃতিৰ জোনবাইটোৱে কি জানে
পৰিস্থিতিৰ বাধকতাত সলোৱা
ৰূপৰ তাৎপৰ্যৰ কথা,
দুৰ্নীতিৰ ব্যাভিচাৰৰ
লক্ষজনৰ পথভ্ৰষ্টতাৰ
যে মইয়ো এক দাগযুক্ত পূৰ্ণাঙ্গ চন্দ্ৰমা ।
কি জানে যে বিশাল আকাশৰ বুকুতো
সন্মুখীন হ’ব এদিন
নিসংগ সুৰৰ ইচ্ছাকৃত
অঘৰী বিচক্ষণৰ দৰে।
যিয়ে লক্ষাধিক হৃদয়ৰ বেদনা,
লক্ষাধিক হৃদয়ৰ আবেগ কঢ়িয়াই ফুৰে ।
যেন এক অনন্য সাৰথি ।
অৰ্ধাকৃতিৰ জোনবাইটোৱে কি জানে
ছানি ধৰা কলা ডাৱৰৰ কবলত পৰিলে
কিমানে পোহৰ হেৰুৱায়,
পৰিশ্ৰমৰ উজুতিত খলা-বমাৰূপতেই
কত চিৎকাৰৰ সাক্ষী হয়।
হাঁহিমুখে যাত্ৰা আৰম্ভ কৰা
জোনবাইটোৱে হয়তো
আকাশ জিলিকাব খোজে ,
কিন্তু,
অৰ্ধাকৃতিৰ জোনবাইটোৱে কি জানে
ভৱিষ্যতৰ শোকাতুৰ পৰিণতি ।