অৰুণিমা সিন্হা – জ্যোতিস্মিতা গোস্বামী শৰ্মা

অৰুণিমা সিন্হা 

জ্যোতিস্মিতা গোস্বামী শৰ্মা

মৰমৰ মইনাহঁত তোমালোকলৈ প্ৰেৰণা উৎস স্বৰূপ এটা কাহিনী আগবঢ়াইছো।প্ৰবল ইচ্ছা শক্তি থাকিলে অনেক প্ৰত্যাহ্বান হেলাৰঙে অতিক্ৰম কৰি লক্ষ্যত উপনীত হ’ব পাৰি। কথাষাৰ প্ৰমাণ কৰি দেখুৱাইছিল উত্তৰ প্ৰদেশৰ অৰুণিমা সিন্হা নামৰ চাব্বিশ বছৰীয়া যুৱতী এগৰাকীয়ে। কাহিনীটো এনেধৰণৰ-

২০১১চনৰ ঘটনা। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিন্হাই লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰে’ল যাত্ৰাত দুৰ্বৃত্তৰ কবলত পৰে। দুৰ্বৃত্তই ডবাটোৰ মানুহ বোৰৰ পৰা টকা -পইচা,আ-অলংকাৰ লুট পাত কৰাৰ পাছত অৰুণিমাৰ সোণৰ চেইন ডাল কাঢ়িব খুজিলে। তেওঁ সাহসেৰে প্ৰতিবাদ জনাই ক’লে- “এয়া মোৰ মায়ে দিয়া আশীৰ্বাদ, এইয়া কেৱল এডাল চেইন নহয়।”গতিকে অৰুণিমাই চেইন ডাল দিব নোৱাৰে। চেইন ডাল নোপোৱাত দুৰ্বৃত্তই  তেওঁক  চলন্ত ৰে’ল গাড়ীৰৰ পৰা বাহিৰলৈ দলিয়াই দিয়ে। চলন্ত ৰে’লৰ ইঞ্জিন আৰু চকাৰ মাতত অৰুনণিমাৰ কাতৰ চিঞৰ কোনেও নুশুনিলে। পিছদিনা পুৱা মানুহে দেখা পায়। প্ৰথমে বৰেলীত তাৰ পাছত নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেলত তেওঁক চিকিৎসা কৰে। চিকিৎসা লয়ত মানুহৰ মুখত শুনাকথাবোৰ অৰুণিমাই প্ৰত্যাহবান হিচাপে লৈ জীৱনটোক নতুনকৈ গঢ়িবলৈ সংকল্প লয়।

ঘটনাটোত অৰুণিমাই এটা ভৰি চিৰদিনৰ বাবে হেৰুৱায় আৰু আনটো ভৰিত লোৰ ৰড ভৰাব লগা হয়। হেৰোৱা ভাৰিটোত কৃত্ৰিম ভৰি লগায়। অৰুণিমাই  শাৰীৰিক প্ৰতিবন্ধকতা নেওচি এভাৰেষ্ট বিজয়ৰ সপোন দেখিছিল। দুতন্ত সাহস আৰু আত্মবিশ্বাসক সাৰথি কৰি তেওঁ এভাৰেষ্ট বিজয় কৰা বাচেন্দ্ৰী পালৰ পৰামৰ্শ,সহায় আৰু প্ৰশিক্ষণৰ বলত নিজকে পৰ্বত আৰোহণৰ বাবে সাজু কৰিলে। তেওঁৰ মনোবল  বঢ়াই লক্ষ্যত উপনীত হ’বলৈ কৰ্কট ৰোগত আক্ৰান্ত ভাৰতীয় প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অনুপ্ৰাণিতকৰিছিল প্ৰচণ্ড পৰিশ্ৰম  ,মনোবল আৰু কষ্টসহিষ্ণুতাৰ ফলত ২০১৩চনৰ ২১মে’ত কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰি ৫২দিনৰ দিনা নিশা আঠ বজাত ৮৮৪৮ মিটাৰ উচ্চতাত অৱস্থিত মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি নিজৰ সপোন দিঠকত পৰিণত কৰিবলৈ সক্ষম হয়।

তেওঁৰ স্মৰণীয় সাফল্যৰ বাবে ২০১৪ চনত সন্মানীয় ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ পৰা “এমেজিং ইণ্ডিয়ান এৱাৰ্ড”, ২০১৫ চনত সন্মানীয় ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা ” পদ্মশ্ৰী”আৰু “টেনজিং নাৰগে সন্মান” লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰুনিমা সিন্ হাই লিখা কিতাপ উন্মোচন কৰি তেওঁক ভূয়সী প্ৰশংসা কৰে।নিজৰ অধ্যৱসায়ৰ জড়িয়তে অৰুণিমাই দুৰ্ভাগ্যক সৌভাগ্য লৈ ৰূপান্তৰিত কৰিলে।

তেওঁ নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰ জনৰ বাবে আশা আৰু প্ৰেৰণাৰ  বতৰা  দিছে। ষ্টিফেন হকিঙ নামৰ বিশেষ ভাৱে সক্ষম বিজ্ঞানী গৰাকীয়েও তেওঁৰ বিৰল প্ৰতিভাৰ জড়িয়তে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিছিল। ষ্টিফেন হকিঙৰ ভাষাত “মোৰ অসুস্থ শৰীৰটো নহয় মোৰ বিজ্ঞানক চোৱা।”

       (দশম শ্ৰেণীৰ অৰুণিমা সিন্হা পাঠৰ আধাৰত)