অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যন আৰু জে এ ফুটবল প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যন আৰু জে এ ফুটবল প্ৰাইভেট লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনে  জন আব্ৰাহামৰ মালিকানাধীন জে এ ফুটবল প্ৰাইভেট লিমিটেডৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে । জে এ ফুটবল এছ’চিয়েশ্যনে নৰ্থ ইষ্ট ইউনাইটেড এফ চি (এন ই ইউ এফ চি) পৰিচালনা কৰে । অৰুণাচল প্ৰদেশত ফুটবলৰ উন্নয়নৰ বাবে কাম কৰিব জে এ ফুটবল প্ৰাইভেট লিমিটেডে । সোমবাৰে অৰুণাচল প্ৰদেশ ফুটবল এছ’চিয়েশ্যনে এ পি এফ এৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু জন আব্ৰাহামে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে । জন আব্ৰাহামৰ লগত উপস্থিত থাকে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনৰ সভাপতি কল্যাণ চৌবে । বুজাবুজি চুক্তি অনুসৰি এন ই ইউ এফ চিয়ে স্কাউটিং আৰু খেলুৱৈসকলক চিনাক্তকৰণৰ দৰে সেৱা আগবঢ়াব । তৃণমূল পৰ্যায়ত ফুটবলৰ বাবে বিদ্যালয়বোৰত প্ৰশিক্ষক,পাঠ্যক্ৰম,পুষ্টি আৰু ফিটনেছ বিশেষজ্ঞ,সাপ্তাহিক ক্লিনিকৰ বাবে প্ৰশিক্ষক,ফাউণ্ডেশ্যন,মধ্যম আৰু উন্নত পৰ্যায়ৰ পাঠ্যক্ৰম,যুৱ একাডেমী অৰুণাচল প্ৰদেশ যুৱ প্ৰিমিয়াৰ লীগৰ কাৰিকৰী বিশেষজ্ঞ আৰু প্ৰশিক্ষকে শিক্ষা প্ৰদান কৰিব । অৰুণাচল প্ৰদেশৰ এ পি এফ এই এই সেৱাসমূহৰ সফল ৰূপায়ণৰ বাবে আন্তঃগাঁথনি,কাৰিকৰী, চিকিৎসা আৰু গঠনমূলক সহায়ৰ দৰে সেৱা আৰু সহায় আগবঢ়াব । এই বুজাবুজি চুক্তি স্বাক্ষৰৰ তাৰিখৰ পৰা অহা পাঁচ বছৰৰ বাবে সীমাবদ্ধ থাকিব । খাণ্ডুৱে জন আব্ৰাহামক কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁ নিজৰ ক্লাবে ৰাজ্যখনৰ ফুটবল অনুৰাগীসকলক অধিক উন্নয়নৰ বাবে খেল প্ৰদৰ্শন কৰিবলৈ সম্প্ৰসাৰিত কৰি যুৱ প্ৰতিভাক আগবঢ়াই নিছে ।