অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । অৰুণাচলৰ মায়’ডিয়ালৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত স্ক’ৰপিঅ’ বাহন।বৰফৰ মাজেৰে পাহাৰীয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এখন স্কৰপিঅ’ বাহন পাহাৰৰ পৰা প্ৰায় ৫০০ ফুট দ’ খাৱৈত বাগৰি পৰে। এই বাহনখনত মুঠ ৬ জনলোক আছিল। ঘটনাস্থলীতে এগৰাকী মহিলাসহ চাৰিগৰাকীৰ মৃত্যু হয় ।আনহাতে,দুগৰাকী ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ।জানিব পৰা মতে, ২৫ জানুৱাৰীত এই পৰিয়াল দুটা নুমলীগড়ৰ ঔ চাপৰিৰ পৰা অৰুণাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল। কিন্তু ২৬ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৪ মান বজাত তেওঁলোকৰ স্কৰপিঅ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পাহাৰৰ পৰা প্ৰায় ৫০০ ফুট দ’ গাঁতত বাগৰি পৰে। বাহনখনত আছিল পতি-পত্নী সুৰজ চেত্ৰী আৰু মীনা চেত্ৰী, আন এটা পৰিয়াল হৰিমায়া চেত্ৰী, ৰঞ্জিত চেত্ৰী আৰু সন্তান ৰৌছনী চেত্ৰী, লগত আছিল গাড়ী চালক মনোজ চেত্ৰী। এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। নিশাই মাতৃ হৰিমায়া চেত্ৰী আৰু ৰৌছনী চেত্ৰীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। জানিব পৰা মতে বৰ্তমান তেওঁলোকৰ অৱস্থা কিছু সুস্থিৰ। ইয়াৰ বিপৰীতে গাড়ীচালক মনোজ চেত্ৰীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে আৰু আন ৩ জনক বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এনে ক্ষেত্ৰত পৰৱৰ্তী  সময়ত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই সমগ্ৰ ঘটনাই পৰিয়াল দুটাৰ আত্মীয়ৰ মাজত শোকৰ ছা পেলাইছে। আত্মীয়ই জনোৱা অনুসৰি উদ্ধাৰ হোৱা মাতৃ হৰিমায়া আৰু কন্যাৰ অৱস্থা বৰ্তমান সুস্থিৰ। ইয়াৰোপৰি দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে। এই ঘটনা ইমানেই ভয়ংকৰ আছিল যে স্কৰপিঅ’ বাহনখন সম্পূৰ্ণ ৰূপে নষ্ট হৈ আছে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। তদন্তৰ অন্তত অন্য তথ্য পোহৰলৈ আহিব।