অৰণ্যৰ গান
সৱিতা দেৱী।
গুৱাহাটী
অৰন্যখন যেতিয়া পদূলিৰ বাহিৰতে আছিল
পদূলিৰ পৰাই চাইছিলো
ডিঙিৰে হাকুটিয়াই
সেউজীয়াবোৰৰ নাচোন—-
ভাৱিছিলো কি দিছে বতাহক
সেউজীয়াবোৰে
গুপুতে গুপুতে !
চাই থাকোতেই
হেৰাই যায় অৰণ্য
বণিকে বণিজত সেউজীয়াৰ দাম-দৰ কৰে ।
এতিয়া অৰণ্যই জোকাৰি নাযায়-
প্ৰতিখন বুকু
এবুকু উশাহো এতিয়া বৰ মহঙা
বৰষুণে ধুই নিকা কৰা
. অৰণ্যখনৰ গানৰ দৰে—