অহা ৫ বছৰত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব ৰিলায়েন্স গ্ৰুপেঃ মুকেশ আম্বানী
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছি হোৱা এডভাণ্টেজ আছাম ২.০ সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰা এই এডভাণ্টেজ আছাম সন্মিলনত অংশগ্ৰহণ কৰি ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে অসমৰ কেইবাটাও খণ্ডক সামৰি আগন্তুক পাঁচ বছৰত ৫০ হাজাৰ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশৰ শতাধিক উদ্যোগপতিৰ সন্মুখত সন্মুখত ভাষণ প্ৰদান কৰি তেওঁ কয়,”যোৱা ২০১৮ চনত অনুষ্ঠিত ‘এডভাণ্টেজ আছাম ১.০ অনুষ্ঠানত অসমত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে ৫ হাজাৰ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছিল । এই পৰিমাণ পৰৱৰ্তী সময়ত বৃদ্ধি হৈ ১২ হাজাৰ কোটি টকা হৈছে । এতিয়া অহা পাঁচ বছৰৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে অসমত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ।” তেওঁ কয়, “অহা পাঁচ বছৰৰ বাবে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে অসমত পাঁচটা দিশত বিনিয়োগ কৰাত গুৰুত্ব দিব । কৃত্ৰিম বুদ্ধিমত্তা আৰু কম্পিউটাৰ প্ৰযুক্তি বিকশিত কৰাত গুৰুত্ব দিব । অসমত দুটা বায়’গেছ এনাৰ্জী হাব নিৰ্মাণ কৰিব । মেগা ফুড পাৰ্ক নিৰ্মাণ কৰিব । অসমত ৰিলায়েন্স খুচুৰা দোকান ৪০০-ৰ পৰা ৮০০ খনলৈ বৃদ্ধি কৰিব । ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে অসমত হোটেল নিৰ্মাণত প্ৰাধান্য দিব ।”তেওঁ অসমত ছেভেন ষ্টাৰ হোটেল নিৰ্মাণ কৰাৰ কথা সদৰী কৰি কয়, “অসমৰ কলা-কৃষ্টিৰ এক সমৃদ্ধ ঐতিহ্য আছে । অসম বাঁহৰ অন্যতম বৃহৎ উৎপাদক, যাক ‘সেউজীয়া সোণ’ বুলি কোৱা হয় । অসমৰ প্ৰসিদ্ধ ৰেচম উদ্যোগৰ কেন্দ্ৰ ‘শুৱালকুছি’ত আয় আৰু চাকৰি সৃষ্টিত বহুগুণে বৃদ্ধিৰ সম্ভাৱনা আছে । ৰিলায়েন্স ফাউণ্ডেচনৰ ‘স্বদেশ’ ষ্টোৰৰ সৈতে চৰকাৰৰ সৈতে সহযোগিতা কৰি এই ঐতিহ্যক বিকাশ কৰিব বিচাৰে ।” আম্বানীয়ে কয়, “এ আই মানে আর্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰিৱর্তে আছাম ইণ্টেলিজেন্স হিচাপে থিয় দিব পৰাৰ সক্ষমতা অসমৰ আছে । আমি ভাৰতৰ পৰৱৰ্তী প্ৰযুক্তি কেন্দ্ৰ হ’বলৈ আগবাঢ়িছোঁ ।” ভাষণৰ আৰম্ভণিতে অসমীয়াতে সকলোকে সম্বোধন কৰি আম্বানীয়ে মা কামাখ্যাক স্মৰণ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক অসমক দেশৰ উন্নয়নৰ ক্ষেত্ৰত আগোৱাই অনাৰ কৃতিত্ব দিয়ে। তেওঁ কয়, ‘প্ৰতিজন অসমীয়া আৰু বৰঞ্চ প্ৰতিজন ভাৰতীয়ৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ আশীৰ্বাদ। আপুনি অসমলৈ চাৰিটা সুবিধা কঢ়িয়াই আনিছে। আপুনি অসমক সীমাৰ পৰা ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ কেন্দ্ৰলৈ লৈ আনিছে। আপুনি অসমক এক্ট ইষ্ট, এক্ট ফাষ্ট, আৰু এক্ট ফাৰ্ষ্টৰ মন্ত্ৰ দিছে। উত্তৰ পূৰ্বাঞ্চলত যোগাযোগ বিপ্লৱৰ এক অভূতপূৰ্ব যুগৰ সূচনা কৰিছে। আপুনি প্ৰযুক্তিক উন্নয়নৰ মূল চালক কৰি তুলিছে। এতিয়ালৈকে অসম চাহৰ স্বৰ্গ হিচাপে পৰিচিত আছিল। আগন্তুক বছৰবোৰত অসমক প্ৰযুক্তিৰ স্বৰ্গ (টেক পেৰাডাইজ) বুলি জনা যাব।’