অহা ৪৫ দিনৰ ভিতৰত জিলাখনৰ সমস্যা সামৰি ভিজন ডকুমেণ্ট প্ৰস্তুতৰ নিৰ্দেশ, কোভিড-১৯ৰ তথ্য সম্বলিত ৱেবছাইট covid19dashboardkamrup.in আৰু শৈক্ষিক ইউটিউব চেনেল y-kiran মুকলি
বাৰ্ত্তাসেৱা- ‘কামৰূপ জিলালৈ আহিলে মোৰ মনত এক ইতিবাচক চিন্তাৰ উন্মেষ ঘটে৷ এই জিলাত প্ৰতিটো কাম সম্পাদনৰ ক্ষেত্ৰত সকলোৱে অতি নিষ্ঠাৰে কাৰ্য নিৰ্বাহ কৰিবলৈ চেষ্টা কৰিছে৷’– জিলাখনৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰি অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এইদৰে কয়৷ জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত আয়োজিত এই পৰ্যালোচনা সভাত তেওঁ আৰু কয় ‘আমি সকলো সমস্যাৰ অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ বাবে নতুনকৈ এখন ‘ভিজন ডকুমেণ্ট’ প্ৰস্তুত কৰিম আৰু অদূৰ ভৱিষ্যতত কামৰূপ জিলাক প্ৰতিটো দিশতে আদৰ্শ জিলা হিচাপে গঢ়ি তোলাৰ বাবে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিম৷’
জিলাখনৰ স্বাস্থ্য খণ্ডত বিশেষকৈ কোভিড-১৯ প্ৰতিৰোধৰ বাবে তৃণমূল পৰ্যায়লৈকে লোৱা ব্যৱস্থাৱলী সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ আনহাতে ড্ৰাগ্ছ মুক্ত অসম গঢ়াৰ বাবে মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা লক্ষ্যত উপনীত হ’বৰ বাবে কামৰূপ জিলাই গ্ৰহণ কৰি থকা পদক্ষেপৰ শলাগ লৈ এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে৷ এই অভিযানত কোনো ক্ষেত্ৰতে যাতে কোনেও অনুগ্ৰহ নিবিচাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনায়৷ তেতিয়াহে এই অবৈধ বেহা সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা যাব বুলিও তেওঁ কয়৷
জিলাখনৰ প্ৰতিটো ক্ষেত্ৰৰ সমস্যাসমূহ উন্মোচিত কৰাৰ বাবে অহা ৪৫ দিনৰ ভিতৰত এখন ভিজন ডকুমেণ্ট প্ৰস্তুত কৰি উলিয়াবলৈ তেওঁ জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে৷ এই ক্ষেত্ৰত সংশ্লিষ্ট, সাংসদ, বিধায়ক, বিভিন্ন বিভাগ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মূৰব্বী, বুদ্ধিজীৱী, সাংবাদিক আৰু সমাজ কৰ্মীসকলৰ পৰা লিখিত প্ৰতিবেদন বিচাৰিবলৈও তেওঁ আহ্বান জনায় যাতে কোনো সমস্যা অন্তৰ্ভুক্ত নোহোৱাকৈ নাথাকে৷
বানপানীৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি তেওঁ কয় যে এইবাৰ সাহায্য সামগ্ৰীৰ পৰা অনুদান বিতৰণলৈকে সকলো ক্ষেত্ৰতে উপায়ুক্তক ক্ষমতা প্ৰদান কৰা হৈছে৷ গতিকে এই ক্ষেত্ৰত এইবাৰ বিলম্ব নহয়৷ কামৰূপ জিলা প্ৰশাসনে সফলতাৰে এই কাৰ্য সম্পন্ন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দৃঢ়তা প্ৰকাশ কৰে৷ বৰ্তমানেও বানপানীৰ ক্ষেত্ৰত স্পৰ্শকাতৰ হৈ থকা ঠাইৰ প্ৰতিৰোধমূলক কাৰ্যসমূহ তৎকালীনভাৱে সম্পাদন কৰিবলৈ নিৰ্দেশ দি এই ক্ষেত্ৰত পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিও ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়ে৷
সভাত উপস্থিত থকা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ তথা জিলা দিশা সমিতিৰ অধ্যক্ষা কুইন ওজা, মঙলদৈ লোসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়কবৃন্দ ক্ৰমে ভৱেশ কলিতা, ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাস, সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু হেমাংগ ঠাকুৰীয়াই দাঙি ধৰা বিভিন্ন সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থা সম্পৰ্কে আগবঢ়োৱা পৰামৰ্শসমূহো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হয়৷
উল্লেখযোগ্য যে জিলাখনৰ কোভিড সম্পৰ্কীয় সম্পূৰ্ণ তথ্য ৰাইজে সহজে লাভ কৰাৰ অৰ্থে আজিৰ সভাত covid19 dashboardkamrup.in শীৰ্ষক ৱেবছাইট আৰু কামৰূপ সমগ্ৰ শিক্ষাৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে y-kiran শীৰ্ষক এটা Youtube channel মুকলি কৰা হয়৷
পৰ্যালোচনা সভাৰ লগতে অনুষ্ঠিত হোৱা জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি চমুকৈ দিশাৰ সভাখনত সভাপতিত্ব কৰি সমিতিৰ অধ্যক্ষা তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই মহাত্মা গান্ধী এনৰেগা, পিএমএৱাই জি, জল জীৱন মিছন, স্বচ্চ ভাৰত অভিযান, প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা, সাংসদ আদৰ্শ গ্ৰাম যোজনা, পি এম কিষাণ, অসম দৰ্শন, অসম মালাকে ধৰি শিক্ষা, সমাজ কল্যাণ আদি সকলো বিভাগৰ আঁচনিসমূহ সমপৰ্কত বিস্তাৰিতভাৱে পৰ্যালোচনা কৰে৷ সভাত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এনে সমগ্ৰ আঁচনি সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায়৷আজিৰ সভাত জিলাখনৰ অভিভাৱক সচিব ডঃ কে কে দ্বিবেদীও উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷সভাত দিশাৰ সদস্যসকলৰ উপৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে