অহা ২২ আগষ্টৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

pc- assambidhansabha.org

অহা ২২ আগষ্টৰ পৰা অসম বিধান সভাৰ শৰৎকালীন অধিবেশন

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিধান সভা সচিবালয়ে এক অধিসূচনাৰ জৰিয়তে জনাইছে যে পঞ্চদশ অসম বিধান সভাৰ ২০২৪ বৰ্ষৰ শৰৎকালীন অধিবেশন অহা ২২ আগষ্টৰ পৰা ৩০ আগষ্টলৈ অনুষ্ঠিত হ’ব। এই সন্দৰ্ভত আগবঢ়োৱা কাৰ্যসূচী অনুসৰি ২২ আগষ্ট, বৃহস্পতিবাৰে প্ৰথম দিনৰ কাৰ্যসূচীত আছে মৃত্যু প্ৰসংগ, প্ৰশ্নসমূহ, ২০২৪ চনৰ শৰৎকালীন অধিবেশনৰ বাবে কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন সন্দর্ভত অধ্যক্ষৰ ঘোষণা, অসম বিধান সভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য্ পৰিচালনাৰ নিয়মাৱলীৰ ৯ (১)নিয়মৰ অধীনত সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নাম সন্দৰ্ভত অধ্যক্ষৰ ঘোষণা, অধ্যাদেশসমূহ দাখিল কৰা, প্রতিবেদন, নিয়মাৱলী ইত্যাদি দাখিল, বিধান সভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন উপস্থাপন, বিভিন্ন সমিতি,পৰিষদ আদিলৈ সদস্য নিৰ্বাচনৰ বাবে প্রস্তাব, ২০২৪-২০২৫ চনৰ মঞ্জুৰীৰ বাবে পৰিপূৰক দাবী উপস্থাপন, চৰকাৰী বিধেয়কসমূহ উপস্থাপন আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী। ২৭ আগষ্ট, মঙ্গলবাৰে আছে প্ৰশ্নসমূহ, সদস্যৰ সময়, বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী ক্ৰমে বিধেয়ক সমূহ, সংকল্প প্রস্তাৱসমূহ, বিশেষ প্রস্তাৱ ইত্যাদি আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী। ২৮ আগষ্ট, বুধবাৰে আছে প্ৰশ্নসমূহ, ২০২৪-২০২৫ বৰ্ষৰ পৰিপূৰক মঞ্জুৰীৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান।২০২৪-২৫ বৰ্ষৰ বাকী থকা পৰিপূৰক দাবী মঞ্জুৰীৰ ওপৰত ভোটদান, ২০২৪ চনৰ অসম বিনিয়োজন(নংIII) বিধেয়কখন উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী ২৯ আগষ্ট, বৃহস্পতিবাৰে প্ৰশ্ন সমূহ, চৰকাৰী বিধেয়কসমূহ উপস্থাপন, বিবেচনা আৰু পাৰিতকৰণ, অন্যান্য চৰকাৰী কাৰ্যসূচী ৩০ আগষ্ট, শুক্রবাৰে অন্তিম দিনৰ কাৰ্যসূচীত আছে প্ৰশ্ন সমূহ, বে-চৰকাৰী সদস্যৰ কাৰ্যসূচী যেনে বিধেয়কসমূহ, বিশেষ প্ৰস্তাৱ,  সংকল্প প্রস্তাৱসমূহ ইত্যাদি, অন্যান্য চৰকাৰী কাৰ্যসূচী আৰু অনিৰ্দ্দিষ্ট কালৰ বাবে সদন স্থগিতকৰণ