অস্তগামী কাল – নাজবিন চুলতানা

PC - Pixabay

অস্তগামী কাল

নাজবিন চুলতানা, শিৱসাগৰ

ৰ’দে পোৰা অন্তৰখন
বাহিৰৰ পৰা কোনে দেখে ,
হাঁহিয়াতৰ কবলত কেতিয়াবা
ভদ্ৰজনো পৰে ।
কাল হৰতালত ঋষিমুনিও
নিমাত হয় ।
কোনে চিনে মনৰ
সত্যতাৰ গভীৰতা ,
দহজনক কৰা উদ্ধাৰৰ প্ৰতিদানতো
কালে তোমাকে আঙুলিয়াই ,
নিঃস্বাৰ্থৰে প্ৰাণ খুলি যিমানে ভাল পোৱা
প্ৰমাণ তোমাকে বিচাৰিব ।
ডুব যায় মাথোঁ
নিজস্বতা …..
অস্তগামী কালত কুৰবানি দিয়া হয়
নিজ মানসিকতাৰ প্ৰশান্তি ।
বাকী ৰয় তৰিম বুলি ভবা পৃথিৱীৰ
আশাবোৰ ।
নিজক আনে চিনি নাপায় এই কালত ,
সেয়ে মাৰ গৈছে
বিশ্বাস,মানৱীয়তা,শংকা,ভালপোৱাৰ।
অস্তগামী কালে
হাজাৰটা কৰা ভাল কামক নেদেখুৱাই
কিন্তু তেওঁ কৰা এটা ভুল
গোটেই পৃথিৱীতেই ৰজনজনাই ।।