অসম সাহিত্য সভাৰ ১১ কোটি টকাৰ বৃহৎ প্রকল্প সম্পর্কে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালৰে সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ আলোচনা

অসম সাহিত্য সভাৰ ১১ কোটি টকাৰ বৃহৎ প্রকল্প সম্পর্কে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালৰে সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ আলোচনা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  ‘আপুনি অসমীয়া ভাষা-সাহিত্যৰ হকে বহু কাম কৰিছে, আপোনাৰ ওপৰত অসমৰ ৰাইজৰ আস্থা আছে , আপুনি অসম সাহিত্য সভা সংস্কাৰ কৰিব পাৰিব।অসম সাহিত্য সভাৰ হেৰুওৱা গৌৰৱ, আস্থা পুনৰ ঘূৰাই আনিবলৈ আপোনাৰ ওচৰত গধূৰ দায়িত্ব আছে।অসম সাহিত্য সভাই অসমৰ ভাষা, সংস্কৃতি সংৰক্ষণৰ বাবে কাম কৰিবই লাগিব। অসম সাহিত্য সভাই অসমীয়া মানুহৰ চিন্তা-ভাবনা যোগাত্মক দিশত আগুৱাই নিব লাগিব”-কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে আজি (১৭-২-২৫) অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীক উদ্দেশ্য কৰি এনেদৰে কয়। মন্ত্ৰীগৰাকীয়ে  তেওঁৰ বাসভৱনত অসম সাহিত্য সভাৰ সভাপতিগৰাকীৰে হোৱা এক দীঘলীয়া সাক্ষাৎকাৰত কয় যে তথ্যচিত্র, কথা ছবিকে ধৰি বিভিন্ন মাধ্যমেৰে অসমীয়া ভাষাৰ জনপ্রিয়তা বৃদ্ধি কৰিব পাৰি। অসমীয়াৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ অসম সাহিত্য সভাই বহু কাম কৰিব লগা আছে বুলি সদৰি কৰি তেওঁ কয়- অসম সাহিত্য সভাৰ পূৰ্বৰ যি গৌৰৱ , সেই গৌৰৱ পুনৰ ঘূৰাই আনিবই লাগিব। অসমীয়া মানুহক গ্রন্থ অধ্যয়নৰ প্রতি আগ্রহ বৃদ্ধি কৰিব লাগিব, নতুন প্রজন্মক সাহিত্য সভাৰ প্রতি উৎসাহী কৰি তুলিব লাগিব বুলিও তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে চিৰ চেনেহী ভাষা জননীৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত নতুন উদ্যমেৰে আগুৱাই ধ্রুপদী ভাষাটোক বিশ্ব মানচিত্রত জাকত-জিলিকা কৰি তোলাৰ বাবে সৱল ভূমিকা ল’বলৈ অসম সাহিত্য সভাৰ সভাপতিগৰাকীক আহ্বান জনায়। উল্লেখ্য যে অসম সাহিত্য সভাৰ উত্তৰ পূব ভাৰতৰ ঐতিহ্য সাংস্কৃতিক প্রকল্প সম্পর্কত তথা সংগ্রহালয় কৃষ্ণ কান্ত সন্দিকৈ ভৱনত নিৰ্মাণৰ বাবে প্রস্তাৱ আগবঢ়াই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল। উক্ত প্রকল্পত উত্তৰ পূব ভাৰতৰ প্রতিটো জাতি জনগোষ্ঠী, বিভিন্ন নৃগোষ্ঠীয়সকলৰ ঐতিহ্য সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ বাবে সাহিত্য সভাই পদক্ষেপ গ্রহণ কৰিছে। ১১ কোটি টকীয়া এই বৃহৎ প্রকল্পৰ প্ৰাককলন মন্ত্ৰীগৰাকীৰ হাতত  সভাপতি গৰাকীয়ে অর্পন কৰে। মন্ত্ৰীগৰাকীয়ে সাহিত্য সভাই গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই প্ৰশংসা কৰে। হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আৰু আনন্দৰাম ঢেকিয়াল ফুকন অসমীয়া ভাষাৰ ত্ৰিমূৰ্তি উপেক্ষিত হৈ আছে। অসম চৰকাৰৰ পৰায়ো স্বীকৃতি দিয়া নাই আজি পৰ্যন্ত। কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত তেওঁ লোকৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা বাবে প্ৰস্তাৱ দিয়ে সভাপতি গৰাকীয়ে। উত্তৰ পূৰ্বাঞ্চলৰ ভাষা, সংস্কৃতিৰ গৱেষণা কৰাৰ বাবে সংৰক্ষিত কৰা এক প্ৰকল্পৰ বিষয়ে অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক।  আলোচনা কালত সভাৰ সভাপতিগৰাকীয়ে আন কেইবাটাও বৃহৎ প্রকল্পৰ কথা অৱগত কৰে। অসমৰ তিনিগৰাকী সাহিত্য কাণ্ডাৰীৰ নামত কেন্দ্রীয় বিশ্ববিদ্যালয় সমূহত একোটাকৈ প্রতিমূর্তি নির্মাণ কৰাৰ বাবেও সোণোৱালক অনুৰোধ জনায়। উল্লেখ্য যে আজি অসম সাহিত্য সভাৰ এই বৃহৎ প্ৰকল্পৰ আলোচনা কালত সহযোগ কৰে ঐতিহ্যপূর্ণ কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ, স্তম্ভ লেখক ড০ শশীকান্ত শইকীয়া, শিৱসাগৰ জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্ত, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, সাহিত্য সভাৰ ডিব্রুগড় আঞ্চলিক কার্যালয়ৰ সম্পাদক ভুবন মোহন গোস্বামীয়ে। উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে সাহিত্য সভাৰ সভাপতিগৰাকীৰে হোৱা বিভিন্ন প্রকল্প, আঁচনিসমূহ ইতিবাচক দিশত বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে। অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়া বাসগৃহ বৰ্ণমালাত গৈ সাহিত্যিক গৰাকীক সৌহাদ্য মূলক সাক্ষাৎ কৰা লগতে অসম সাহিত্য সভাৰ কেইবাটাও বিশেষ পদক্ষেপৰ বিষয়ে অৱগত আৰু দিহা -পৰামৰ্শ আগবঢ়ায়।