অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম-মেঘালয়ৰ সীমা বিবাদ সমস্যা সমাধানৰ বাবে আজি জনতা ভৱনত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত দুয়োখন ৰাজ্যৰ মাজত বাকী থকা ছয়টা বিবদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে তিনিখন আঞ্চলিক পৰ্যায়ৰ সমিতি গঠন কৰিবলৈ সিদ্ধান্ত লোৱা হয়। দুয়োখন চৰকাৰৰ মাজত হোৱা আলোচনাত মেঘালয়ে অসমৰ লৈতে ১২ টা বিবদমান এলেকাৰ কথা উল্লেখ কৰিছিল আৰু সেই অনুসৰি বৈঠকত হোৱা আলোচনা মৰ্মে প্ৰথম পৰ্যায়ত ছটা বিবদমান এলেকাৰ সমস্যা সমাধান কৰা হয়। বাকী থকা ছয়টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে আজি দ্বিতীয় পৰ্যায়ত আলোচনা অনুষ্ঠিত হয়। কেইবালানি আলোচনা আৰু পদক্ষেপৰ বাবে চলিত বৰ্ষৰ ২৯ মাৰ্চত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ চুক্তি মৰ্মে ছটা বিবদমান অঞ্চলৰ বিবাদ সমাধান কৰা হয়। অনুষ্ঠিত নৱম পৰ্যায়ৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত বাকী থকা ছটা বিবদমান অঞ্চলৰ সমস্যা সমাধান দিশত ঐক্যমতত উপনীত হোৱাৰ বাবে তিনিখন আঞ্চলিক সমিতি গঠন কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়। দুয়োখন ৰাজ্যৰ কেবিনেট মন্ত্ৰীয়ে এই সমিতিৰ নেতৃত্ব বহন কৰিব। ছয়টা বিবদমান এলেকাৰ ভিতৰত কাৰ্বি আলং স্বায়ত্ত শাসিত পৰিষদ এলেকাত তিনিটা বিবদমান এলেকা থকা বাবে পৰিষদৰ তিনিগৰাকী সদস্য থাকিব। অহা ১৫ দিনৰ ভিতৰত দুয়োখন চৰকাৰে আঞ্চলিক সমিতি গঠনৰ বাবে জাননী জাৰি কৰিব। এই সমিতিৰ সদস্যসকলে বিবদমান এলেকা ভ্ৰমণ কৰিব আৰু স্থানীয় জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব যাতে বন্ধুত্বপূৰ্ণ পৰিৱেশৰে সমস্যাটো সমাধান কৰিব পৰা যায়। সদিচ্ছা আৰু আত্মবিশ্বাস গঢ়ি তোলাৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিবদমান এলেকা ভ্রমণ কৰি স্থানীয় জনসাধাৰণৰ সৈতে মত-বিনিময় কৰাৰ বাবেও আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রথম পর্যায়ত সীমা সমস্যা সমাধান কৰাৰ পিছত দ্বিতীয় পৰ্যায়ত সৌহাদ্যপূর্ণভাবে সমস্যা সমাধান কৰিব পৰা যাব। এই আলোচনাৰ সময়ত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা, মেঘালয়ৰ মুখ্য সচিব ডি পি বালাং, মুখ্যমন্ত্ৰীৰ প্ৰধান সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নিজ বার্মা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ সচিব প্রভাতী থাওছেন, মেঘালয়ৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব প্ৰমুখ্যে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।