অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ দায়িত্ব গৌহাটি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি হাণ্ডিকলৈ

Pc-Gauhatiuniversity

অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি হাণ্ডিক

গুৱাহাটী, ২৩ জুনঃ গৌহাটি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি হাণ্ডিকক অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ দায়িত্ব পালন কৰিবলৈ কোৱা হৈছে। ২০২১ চনৰ ১৯ জুনত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধীৰাজ বৰাৰ মৃত্যুৰ ফলত ইয়াৰ প্ৰয়োজন হৈছে।আজি ৰাজভৱনত এই সন্দৰ্ভত এক জাননী অনা হয় য’ত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী যি এএছটিইউৰ উপাচাৰ্যও, তেওঁ ব্যক্তিগত ভিত্তিত গৌহাটি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি হাণ্ডিকক তাৎক্ষণিক ভাৱে অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কাৰ্যালয়ৰ নিয়মীয়া দায়িত্ব অস্থায়ীভাৱে পালন কৰিবলৈ অনুমতি দিছে।