অসম বিকল্প চিকিৎসক সন্থাৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱস উদ্‌যাপন

অসম বিকল্প চিকিৎসক সন্থাৰ ৰাষ্ট্ৰীয় প্ৰাকৃতিক চিকিৎসা দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম বিকল্প চিকিৎসক সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে ডাউন টাউনৰ পূৰ্ব্বাঞ্চল পথত অৱস্থিত জ্ঞানসৰোবৰ আৰোগ্য বিকল্প চিকিৎসা কেন্দ্ৰত ৪ ৰ্থ ৰাষ্টীয় প্ৰাকৃতিক চিকিৎসা দিৱস উদ্‌যাপন কৰা হয়। উক্ত কাৰ্য্যসূচীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যোগ ও প্ৰাকৃতিক চিকিৎসা বিভাগৰ মূৰব্বী চিকিৎসক যোগবিদ অনিল কুমাৰ শৰ্মাই উপস্থিত থাকি ৰসাল বক্তব্য আগবঢ়ায়। বশিষ্টৰ শান্তি সাধনা আশ্ৰমৰ প্ৰাকৃতিক চিকিৎসক চম্পা ডেকাই প্ৰাকৃতিক চিকিৎসাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য দাঙি ধৰে আৰু বিশিষ্ট অতিথি হিচাপে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ড° মুনীন্দ্ৰ ৰয় উপস্হিত থাকে। প্ৰায় ১০০ জন ব্যক্তি উপস্থিত থকা কাৰ্যসূচীত সন্থাৰ তৰফৰ পৰা বিনামূলীয়াভাৱে আমলখি, শিলিখা, ভোমোৰা আৰু অমৰলতা বণৌষধী বিতৰণ কৰা হয়৷অনুষ্ঠানত দেবাশ্ৰুত দাস আৰু বাস্তৱ জ্যোতি মহন্তই যোগৰ কলা প্ৰদৰ্শন কৰে৷