অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ফেঞ্চী বজাৰস্থিত জেইল ৰোড শৰ্মা চুইটচৰ সন্মুখত পানবজাৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ জি ভুৰাকিয়া আৰু সাধাৰণ সম্পাদক ৰাধা গাছৰ উদ্যোগত এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। উক্ত সভাত কংগ্ৰেছৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক পৃথিৱী ৰাজ সাথে, ৫নং লোকসভা সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ, সহ প্ৰায় ৪০০ মান লোকৰ উপস্থিতিত তেওঁলোকে বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ উপৰিও বিজেপি চৰকাৰৰ সম্প্ৰদায়িক ৰাজনীতি, স্বৈৰাস্বাৰি নীতি, দেশত সকলো বস্তুৰ অভাৱনীয় হাৰত মূল্যবৃদ্ধি, সকলো প্ৰকাৰৰ দৰবৰ আকাশ লংঘী দাম,ইত্যাদি বিষয়ত ভাষণ প্ৰদান কৰে। সভাত মীৰা বৰঠাকুৰে কয়, বিজেপি চৰকাৰে মেৰা ভাৰত মেৰা পৰিবাৰ নাৰা লগাই লগাই তেওঁলোকৰ পৰিয়াল বোৰ কোটি পতি হৈ গল। অথচ বিজেপি চৰকাৰে কংগ্ৰেছক পৰিয়াল কেন্দ্ৰিক দল বুলি প্ৰচাৰ চলায়। ইলেকচন বন্দৰ বিষয়তো মীৰা বৰঠাকুৰ সৰব হোৱা দেখা যায়। ৰাম লালাক ৰাজনীতিত সাঙোৰ খুৱোৱাক লৈও সমালোচনা কৰে। গৌৰৱ গগৈ আৰু পৃথিৱী ৰাজ সাথেই ভাষণ প্ৰসংগত মণিপুৰত নাৰী নিৰ্যাতন, নাৰীক বলাৎকাৰ, ৰাজপথত নাৰীক উলংগ কৰাৰ কথা উল্লেখ কৰে। মোৰ ভাৰত মোৰ পৰিয়াল বুলি কোৱা প্ৰধান মন্ত্ৰীয়ে মনিপুৰত ইমান মানুহ মৃত্যু হোৱাৰ পিছতো এবাৰ মণিপুৰত ভৰি নথলে। আৰু শেষত মীৰা বৰঠাকুৰক বিপুল ভোটত জয় যুক্ত কৰাৰ বাবে ৰাইজক আহ্বান জনায়৷