অসম তৃণমূল কংগ্ৰেছৰ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-চিআৰপিএফ

অসম তৃণমূল কংগ্ৰেছৰ গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিল আৰক্ষী-চিআৰপিএফ

ৰঙিলী বাৰ্ত্তাসেৱা-  আকাশলংঘী মূল্যবৃদ্ধি, পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে আৰু সমগ্ৰ মহানগৰবাসীক খোৱাপানী যোগানৰ দাবীত কৰা অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ স্তব্ধ কৰিবলৈ জপিয়াই পৰিল অসম আৰক্ষী, চিআৰপিএফৰ দল। মহানগৰীৰ বেলতলা বজাৰত সভাপতি ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰতিবাদ আৰু গণস্বাক্ষৰ সংগ্ৰহৰ বাবে সাজু হোৱাৰ সময়তে অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছৰ নেতা-কৰ্মীৰ ওপৰত অসম আৰক্ষী আৰু চিআৰপিএফৰ বিষয়া-জোৱানসকলে জপিয়াই পৰে। সভাপতি ৰিপুণ বৰা আৰু অসম তৃণমূল কংগ্ৰেছ, অসম তৃণমূল যুৱ কংগ্ৰেছ, অসম তৃণমূল মহিলা কংগ্ৰেছকৰ নেতা-কৰ্মীসকলক টানি চোচৰাই নি আটক কৰি চচলত থকা ডেজিগনেটেড প্ৰতিবাদস্থলীলৈ লৈ যায়। প্ৰতিবাদকাৰীসকলে চচলৰ প্ৰতিবাদস্থলীত গৈও ‘সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক’, ‘হয় মূল্যবৃদ্ধি ৰোধ কৰক নহয় গাদী এৰক’, ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘ৰাইজক জীয়াই থাকিবলৈ দিয়ক’, ‘দুখীয়াৰ তেজ শুহি খোৱা চৰকাৰ হায় হায়’, ‘পৌৰ নিগমৰ সম্পত্তি কৰ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰক’, ‘সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক দিয়া মানি নলও’, ‘সমগ্ৰ গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰিব নোৱাৰা চৰকাৰ হায় হায়’, ‘গুৱাহাটীবাসীক বিশুদ্ধ খোৱাপানী যোগান নিশ্চিত কৰক’, ‘সকলো পথত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নিশ্চিত কৰক’, ‘সময় থাকোতেই কৃত্ৰিম বানপানী ৰোধৰ ব্যৱস্থা কৰক’, ‘পুঁজিপতিৰ দালাল বিজেপি চৰকাৰ হায় হায়’ আদি শ্ল’গান দি আকাশ বতাহ কঁপাই তোলে।সভাপতি ৰিপুণ বৰাই সংবাদমাধ্যমৰ আগত বক্তব্য প্ৰদান কৰি চৰকাৰৰ দমনমূলকনীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। সভাপতি বৰাই কয়: ‘জনতাৰ হকে প্ৰতিবাদ কৰিবলৈ আমি আগবঢ়াৰ সময়তে আজি অসম চৰকাৰৰ নিৰ্দেশত আৰক্ষী-চিআৰপিএফ বাহিনীৰ বৃহৎ দল এটাই যেনেদৰে আমাৰ ওপৰত জপিয়াই পৰিল, সেয়া সম্পূৰ্ণ স্বৈৰাচাৰিতাৰ নিদৰ্শন। কি জনতাৰ স্বাৰ্থত আকাশলংঘী মূল্যবৃদ্ধি, পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো আমাৰ ভুল আছিল নেকি? আজি সমগ্ৰ মহানগৰবাসীক খোৱাপানী যোগানত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰখন। কি এই কথাৰ বাবে জনতাৰ স্বাক্ষৰ গ্ৰহণ কৰিবলৈ ওলোৱাটো অসম তৃণমূল কংগ্ৰেছৰ ভুল আছিল নেকি? সকলো দিশতে ব্যৰ্থ চৰকাৰখনে তেওঁলোকৰ মুখা খোলখোৱাৰ ভয়ত প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে। কিন্তু তেওঁলোকৰ এই ষড়যন্ত্ৰ সফল নহ’ব। ৰাইজক ন্যায় প্ৰদানৰ স্বাৰ্থত আমাৰ কণ্ঠ আৰু দুগুণ শক্তিৰে জাগ্ৰত হৈ গৈ থাকিব।’সভাপতি ৰিপুণ বৰাই লগতে আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লৈদ্যই ‘চুলাইৰ পৰিৱৰ্তে লাল খাওক’ বুলি কৰা মন্তব্যৰ সমালোচনা কৰে। তেওঁ কয়,’এগৰাকী মন্ত্ৰীয়ে ইমান তল খাপৰ কথা ক’ব পাৰে, ভাৱিব নোৱাৰি। মদ খাবলৈ উৎসাহিত কৰা এইখন কি ধৰণৰ চৰকাৰ, সেয়া কাৰো বুজিবলৈ বাকী নাই।’ এই প্ৰতিবাদস্থলীত উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। উল্লেখ্য যে অসম তৃণমূল কংগ্ৰেছ দলে মহানগৰীৰ বজাৰে বজাৰে ঘূৰি উক্ত বিষয়সমূহৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি যোৱাৰ পৰিকল্পনা কৰা বুলি মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই প্ৰকাশ কৰে।আৰক্ষীয়ে বলপূৰ্বক আটক কৰাৰ সময়ত আঘাতপ্ৰাপ্ত হয় অসম তৃণমূল যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আহমেদ আলী (পিংকু)। এই বৰ্বৰ অত্যাচাৰৰ বাবে আৰক্ষীক ধিক্বাৰ দি বিজেপি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ লগতে সমূহ নেতৃবৃন্দ।