অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ মাতৃৰ বিয়োগ

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ মাতৃৰ বিয়োগ

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াৰ মাতৃ ঘনকান্তি বড়াৰ কালি দিনৰ প্ৰায় এক বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৭৭ বছৰ। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে আৰু তেখেতৰ পৱিত্ৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালৰ সকলোলৈকে গভীৰ সমবেদনা জ্ঞাপন কৰিছে।