অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই দুলীয়াজান আৰু টিংখাং

অসম চৰকাৰৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই দুলীয়াজান আৰু টিংখাং —
ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনৰ নাহৰকটীয়া সমজিলাৰ শুভ উদ্বোধন:সমজিলাৰ আয়ুক্ত সংঘমিত্ৰা বৰুৱা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ প্ৰশাসনিক খণ্ডৰ নৱতম সংযোজন হিচাপে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰু টিংখাং সমজিলাৰ শুভ উদ্বোধন কৰাৰ লগতে অসম চৰকাৰৰ ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আৰু পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে নাহৰকটীয়া সমজিলাৰ শুভ-উদ্বোধন কৰে। দুলীয়াজান সমজিলাৰ শুভ উদ্বোধন কৰি মন্ত্ৰী বিমল বড়াই কয় যে, “অসম চৰকাৰে প্ৰশাসনিক সংস্কাৰক এক নতুন মাত্ৰা প্ৰদান কৰি প্ৰশাসন ব্যৱস্থাক অধিক জনমুখী কৰাৰ লগতে জনসাধাৰণৰ বাবে চৰকাৰী সকলোবোৰ সেৱা অধিক সুচল কৰি তুলিবলৈ এই সমজিলাসমূহ গঠন কৰিছে। ভাষণ প্ৰসংগত তেওঁ কয় যে, সমজিলা গঠন হোৱাৰ ফলস্বৰূপে জনসাধাৰণে সকলো চৰকাৰী সেৱা আৰু সা-সুবিধা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ নোযোৱাকৈয়ে নিচেই কাষতে নিজৰ এলেকাত লাভ কৰিবলৈ সক্ষম হব। তেওঁ পুনৰ কয় যে অসম চৰকাৰৰ এই ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত ৰাইজ আৰু প্ৰশাসনৰ মাজৰ ব্যৱধানৰ হ্ৰাস ঘটাই প্ৰশাসন ব্যৱস্থাক জনতাৰ কাষলৈ লৈ যোৱাৰ লগতে সকলো উন্নয়নমূলক কামকাজৰ গতি আৰু অধিক ত্বৰান্বিত হব। মন্ত্ৰী গৰাকীয়ে সমজিলাত নিযুক্তি লাভ কৰা বিষয়া তথা কৰ্মচাৰীসকলক সেৱাৰ মনোভাৱেৰে ৰাইজৰ কল্যাণৰ বাবে দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ৰাজগড়ত অনুষ্ঠিত হোৱা টিংখাং সমজিলাৰ শুভ উদ্বোধন কাৰ্য্যসূচীত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ লগতে জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, টিংখাং সমজিলাৰ সমজিলা আয়ুক্ত পৰীক্ষিত ফুকন, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া প্ৰমুখ্যে অন্যান্য স্থানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আনহাতে নাহৰকটীয়া সমজিলাৰ সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহনে কয় যে প্ৰশাসনিক ব্যৱস্থা যিমানেই সক্ৰিয় হ’ব ৰাজ্যৰ উন্নয়নৰ গতি সিমানেই তীব্ৰতৰ হ’ব। বৰ্তমানৰ গতিশীল ৰাজ্য চৰকাৰখনে জনসাধাৰণৰ প্ৰগতিৰ বাবে চৰকাৰী কামকাজসমুহ সহজতে সম্প্ন্ন কৰিব পৰাকৈ প্ৰশাসন যন্ত্ৰক ওচৰ চপাই আনিছে। নাহৰকটীয়া সমজিলাৰ শুভ উদ্বোধন কাৰ্য্যসূচীত নাহৰকটীয়া বিধানসভা সমষ্টিৰ বিধায়ক তৰংগ গগৈ, নাহৰকটীয়া সমজিলাৰ সমজিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।