অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত টাক্স ফৰ্চৰ গুৰুত্বপূৰ্ণ সভা

অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত টাক্স ফৰ্চৰ গুৰুত্বপূৰ্ণ সভা::
সুৰক্ষা কৰ্মীসকলক ২৪ ঘণ্টাই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ জিলা আয়ুক্তৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত যোৱাকালি অসম চিকিৎসা মহাবিদ্যালয় ও চিকিৎসালয়ৰ আভ্যন্তৰীণ সুৰক্ষা সন্দৰ্ভত টাক্স ফৰ্চৰ এখন গুৰুত্বপূৰ্ণ সভা অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সভাকক্ষত অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনৰ নিৰাপত্তাৰ ক্ষেত্রত জড়িত বিভিন্ন সংস্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাত কৰ্মৰত চিকিৎসক, ৰোগী তথা ৰোগীৰ লগত অহা আত্মীয়ৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ চৌহদৰ ভিতৰভাগত যাতে কোনোধৰণৰ অবৈধ কাৰ্যকলাপ সংঘটিত নহয় তাৰ বাবে দায়িত্বত নিয়োজিত সুৰক্ষা এজেঞ্চীৰ কৰ্মীসকলক ২৪ ঘণ্টাই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। সুৰক্ষাৰ ক্ষেত্রত যিকোনো ধৰণৰ গাফিলতি সংঘটিত হ’লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জিলা আয়ুক্তই সকীয়াই দিয়ে। সভাত অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, উপ আৰক্ষী অধীক্ষক অৰুন্ধতী দেৱী, অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়া, উপ-অধীক্ষকসকল ক্ৰমান্বয়ে ডাঃ সৌমেন ভাগৱতী, ডাঃ হিতেন্দ্ৰ নাথ সোনোৱাল, ডাঃ দীপক দাস, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ কুমাৰ বৰুৱা প্ৰমুখ্যে পৰিবহন বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।