অসম গ্ৰন্হমেলাত সোণপৰুৱাৰ হাঁহি,চেমনীয়া চ’ৰাৰ সাংস্কৃতিক অনুষ্ঠান

অসম গ্ৰন্হমেলাত সোণপৰুৱাৰ হাঁহি,চেমনীয়া চ’ৰাৰ সাংস্কৃতিক অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা – অসম গ্ৰন্থমেলাত সোণপৰুৱাৰ হাঁ‌হি, চেমনীয়া চ’ৰাৰ উদ্যোগত এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । মঞ্চৰ সভাপতি শুক্লেশ্বৰ নাথে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে লক্ষ্মী ইডুকেশ্যন ফাউণ্ডেশ্যন সত্ৰীয়া সংগীত বিদ্যালয়ৰ স্বতাধিকাৰি স্বপ্না দাস, বিশিষ্ট সমাজসেৱী তথা চি এ সমীক্ষ দাস , মঞ্চৰ উপদেষ্টা নাং অঞ্জনা গগৈ , কাৰ্যকৰী সভাপতি অধীৰ চন্দ্ৰ দাস , উপ-সভাপতি পুতুলী ঠাকুৰীয়া মেধি , দীন-চাকি ফাউণ্ডেশ্যনৰ চেয়াৰমেন চুমী ৰহমান , অপৰূপা নাৰী সংগঠনৰ প্ৰতিষ্ঠাপক সম্পাদক ৰুণা লাইলা , অনিমা তালুকদাৰ দত্ত, উপ-সভাপতি দিলীপ কুমাৰ নন্দী আদিয়ে। চেমনীয়া সকলৰ কৃষ্ণা অঙ্গনা বৈশ্যই ভক্তিমুলক নৃত্য , মিছ জেফৰিনাই পৰিৱেশ সজাগতাৰ নৃত্য পৰিবেশন , অন্তৰিক্ষা তালুকদাৰে কামৰূপী লোকগীত , কণমানি দীপ্তাক্ষ দাস আৰু সুৰপ্ৰতীম দাসৰ খোল বাদন পৰিৱেশন , লক্ষ্মী সত্ৰীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰী সকলৰ দ্বাৰা সত্ৰীয়া নৃত্য পৰিৱেশন , লখিমপুৰৰ কণমানি কৃষ্ণমণি বৰ্মনৰ কবিতা পাঠ, বাইহাতাৰ কণমানি আনচ আলমে সাধুকথা , পদ্মাক্ষী চৌধুৰীয়ে এটি গীত , শুৱালকুছিৰ ৰিয়া দাস , তেজপুৰৰ ডৰ্শিতা মেছে সুন্দৰকৈ সংগীত পৰিৱেশন কৰে । আজিৰ এই অনুষ্ঠানতেই সোণপৰুৱাৰ হাঁ‌হি , চেমনীয়া চ’ৰাৰ ফেচবুক গোটৰ তৰফৰ পৰা ২০২১ আৰু ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিশু সাহিত্যিকৰ বঁ‌টাও প্ৰদান কৰে তেজপুৰৰ অৱসৰ প্ৰাপ্ত দ্ৰব্য আৰু সেৱাকৰ বিভাগৰ সহকাৰী আয়ুক্ত শ্ৰদ্ধাৰ হৰেশ্বস্ৰ গোস্বামী দেৱক লগতে মঞ্চৰ উপ-সভাপতি দিলীপ কুমাৰ নন্দীৰ “কবিতাৰ পৰশ” নামৰ গ্ৰন্থখন উন্মোচন কৰে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী , সুমিত সাগৰ , সাহিত্য সমালোচক ড° ভৱেশ দাস , মেজাংকৰি প্ৰকাশনৰ স্বত্বাধিকাৰি বিনয় চলিহা , ডিগবৈ শোধনাগাৰৰ সহঃ প্ৰৱন্ধক শুক্লেশ্বৰ নাথ , বোলছবিৰ অভিনেত্ৰী তনয়া নন্দী , বাংলা কাকতৰ সাংবাদিক দেৱযানী পাটেকাৰ আদিয়ে । সোণপৰুৱাৰ হাঁ‌হি, চেমনীয়া চ’ৰাৰ লগত সহযোগ কৰে জালুকবাৰী স্থিত নেহা প্ৰকাশনে । নেহা প্ৰকাশনৰ সচিব টুটুমণি নাথ মেধিয়ে কয় যে কম খৰচতে নতুন লেখক লেখিকাৰ সকলৰ সপোনৰ গ্ৰন্থখন প্ৰকাশ কৰাৰ সুবিধা কৰি দিব । অসম গ্ৰন্থমেলাৰ বাকৰিত সোণপৰুৱাৰ হাঁ‌হি, চেমনীয়া চ’ৰাঘৰ এটি সফল অনুষ্ঠান অনুষ্ঠিত হয় বুলি চ’ৰাৰ মুখ্য সম্পাদক ঊষামণি শইকীয়াই জানিবলৈ দিয়ে ।