অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ

অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- “ৰূপান্তৰ আৰু অন্বেষণৰ মাজেৰে অসমীয়া উপন্যাস স্বকীয়তাৰে মূৰ দাঙি উঠিছে ৷ পদ্মনাথ গোঁহাই বৰুৱাৰ “ভানুমতী”ৰে আৰম্ভ হোৱা অসমীয়া উপন্যাসৰ ধাৰাটোক ৰজনীকান্ত বৰদলৈয়ে সমৃদ্ধ কৰিছে ৷ ইয়াৰ পাছত, বিশিষকৈ যুদ্ধোত্তৰ কালত ভিন্ন শৈলী আৰু বিষয়েৰে অসমীয়া উপন্যাসৰ ৰূপান্তৰ ঘটিছে ৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যোগেশ দাসে এটা নতুন ধাৰাৰ সংযোগ ঘটালে ৷ পৰৱৰ্তী সময়ত বিশ্ব সাহিত্য তথা ভাৰতীয় সাহিত্যৰ চিন্তা চৰ্চাৰ ৰেঙণি অসমীয়া উপন্যাসতো পৰিল ৷ বিভিন্ন ৰূপান্তৰ, সমাজ আৰু জীৱনৰ অন্বেষণে অসমীয়া সাহিত্যক এক স্বকীয়তা প্ৰদান কৰিছে ৷”—এই মন্তব্য সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত আজি অনুষ্ঠিত হোৱা “অসমীয়া উপন্যাসৰ ৰূপান্তৰ আৰু অন্বেষণ” শীৰ্ষক আলোচনা সত্ৰখনত সঞ্চালকৰূপে অংশগ্ৰহণ কৰি তেওঁ এনেদৰে কয় ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ মণিকুন্তলা ভট্টাচাৰ্য , বিশিষ্ট লেখক-সমালোচক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিমল মজুমদাৰ, বিশিষ্ট লেখিকা-সমালোচক, ৰাধা গোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড° লিপিকা তলুকদাৰ, বিশিষ্ট ঔপন্যাসিক, গৱেষক, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ৰত্নোত্তমা দাস বিক্ৰম আৰু বিশিষ্ট লেখক, কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জগদীশ পাটগিৰীয়ে ৷ আলোচনা সত্ৰখনত অসমীয়া উপন্যাসৰ পৰ্বান্তৰৰ বহু গুৰুত্বপূৰ্ণ বিষয় চৰ্চিত হয় ৷ “ভানুমতী”ৰে হোৱা আৰম্ভণি কালৰ পৰা কৰোণা মহামাৰীয়ে থেকেছি যোৱা আজিৰ সময়লৈ—বহু ঘটনাবহুল পৰিস্থিতিয়ে বিশ্ব সাহিত্যৰ লগতে অসমীয়া উপন্যাসৰো ৰূপান্তৰ ঘটা বিভিন্ন দিশ ইয়াত আলোচিত হয় ৷ বিশ্বযুদ্ধ , স্বাধীনতা আন্দোলন , মাধ্যম আন্দোলন , অসম আন্দোলন , সশস্ত্ৰ সংগ্ৰাম আদিয়ে সমাজ-ৰাজনৈতিক আৰু আৰ্থ-সমাজিক ক্ষেত্ৰত অসমতো বহু উত্থান-পতন ঘটোৱাৰ লগে লগে যে ঔপন্যাসৰো ৰূপান্তৰ ঘটিছে , অন্বেষণ প্ৰক্ৰিয়া সুক্ষ্মৰ পৰা সুক্ষ্মতৰ হৈছে, শেহতীয়াকৈ লৈংগিক পৰিচয় , এল জি বি টি আদি বিষয়বোৰে অসমীয়া উপন্যাসৰ ৰূপান্তৰত যে নতুন মাত্ৰা প্ৰদান কৰিছে এই কথাই আলোচনাত ঠাই পায় ৷ সঞ্চালক অনুৰাধা শৰ্মা পূজাৰীৰ লগতে আলোচক অতিথিসকলে “অসমীয়াউপন্যাসৰ ৰূপান্তৰ আৰু অন্বেষণ” এটা বিশাল বুলি উল্লেখ কৰি অসম গ্ৰন্থমেলাত ইয়াকে লৈ আলোচনা সত্ৰৰ আয়োজন কৰাটো গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে ৷ ইয়াৰ পাছত বিশিষ্ট সাহিত্য সমালোচক , প্ৰসিদ্ধ অনুবাদক প্ৰদীপ আচাৰ্য্যৰ সঞ্চালনাত অনুষ্ঠিত হয় এখন মনোজ্ঞ কবি সন্মিলন ৷ ইয়াত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ভিয়েটনামৰ জনপ্ৰিয় কবি গুৱেন হাঙে ৷ তেওঁ কবিতা পাঠ কৰাৰ লগতে অসমত গ্ৰন্থৰ এনে বিশাল উৎসৱ দেখি অভিভূত হৈ পৰা বুলি কয় ৷ কবিতা পাঠেৰে অনুষ্ঠানটি জীপাল কৰি তোলে ৰাজেন্দ্ৰনাথ বৰদলৈ , অনুভৱ তুলসী, এম কামালুদ্দিন আহমেদ, লুটফা হানুম চেলিমা বেগম, অৰ্চনা পূজাৰী,নীলিমা ঠাকুৰীয়া হক, বিমল ডেকা, দেৱ প্ৰসাদ তালুকদাৰ, ড° অজিত ভৰালী, পংকজ গোবিন্দ মেধি, ড° বৰুণজ্যোতি চৌধুৰী, ৰাজীৱ কুমাৰ ফুকন, ড° বিজয় শংকৰ বৰ্মন, কুশল দত্ত, কৌস্তুভমণি দত্ত শইকীয়া, অজিত গগৈ, মৃদুল হালৈ , বিজয় ৰবি দাস, পংকজ পৰাণ, মৈত্ৰেয়ী পাটৰ, অম্লান দেউৰী, চন্দন গোস্বামী , কৌশিক বাস্যসে ৷  সপ্তম দিনাও পুথিপ্ৰেমীৰ ভিৰত উখল-মাখল পৰিৱেশ সৃষ্টি হয় অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ আজি সপ্তম দিনালৈ ১ কোটি ৯০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি সদৰী কৰিছে উদ্যোক্তাসকলে ৷ প্ৰতিদিনে বৃদ্ধি পাই অহা পুথিপ্ৰেমীৰ সমাৱেশ আৰু কিতাপ ক্ৰয়ৰ প্ৰতি লক্ষ কৰি এইবেলি গ্ৰন্থ বিক্ৰীৰ পৰিমাণে অভিলেখ গঢ়াৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ ইপিনে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আজি ৪ জানুৱাৰীৰ দিনা গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত উন্মোচন কৰে “ৰেইনছফ্ট এডভাৰটাইজিঙ”ৰ “উৎপল-ধনজিৎ কেলেণ্ডাৰ”। ব্যতিক্ৰমী কেলেণ্ডাৰখন উন্মোচন কৰে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা , অভিনেতা উদয়ন দুৱৰাই ৷ প্ৰণিধানযোগ্য যে গ্ৰন্থমেলাত ৰাইজৰ বিপুল সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ জলুকবাৰীৰ পৰা নুনমাটিলৈ আৰু বেলতলাৰ পৰা আৰ জি বৰুৱা পথেৰে জলাুকবাৰীলৈ দুখনকৈ বাছৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছে ৰাজ্যিক পৰিবহণ নিগমে ৷