অসম গ্ৰন্থমেলাত ‘টাইম মেচিন’ উন্মোচন

অসম গ্ৰন্থমেলাত ‘টাইম মেচিন’ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ চানমাৰিস্থিত অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হোৱা ‘অসম গ্ৰন্থ মেলা ২০২৩-২০২৪’ৰ প্ৰেক্ষাগৃহত এখন গ্ৰন্থ আজি উন্মোচন কৰা হয়। কবি কমল বৰাই আঁত ধৰা অনুষ্ঠানত অসমৰ প্ৰথম গৰাকী মহিলা অভিযন্তা, ২০১১ বৰ্ষৰ শিশু সাহিত্য শিতানত সাহিত্য অকাডেমি বঁটা বিজয়ী বিশিষ্ট সাহিত্যিক বন্দিতা ফুকনে অনুবাদ কৰা প্ৰখ্যাত ইংৰাজ লেখক এইচ জি ৱেলছৰ সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞান ভিত্তিক কল্প কাহিনী আধাৰিত উপন্যাস ‘দা টাইম মেচিন(The Time Machine)’ৰ অসমীয়া অনুবাদ ‘টাইম মেচিন’ নামৰ গ্ৰন্থখনৰ শুভ উন্মোচনী অনুষ্ঠানটি গাম্ভীৰ্য্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয় । প্ৰকাশন সংস্থা ‘অসমী সমাজ’ৰ উদ্যোগত আয়োজিত অনুষ্ঠানটিত গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, বিশিষ্ট শিক্ষাবিদ ড° কুলেন্দু পাঠক, জনপ্ৰিয় শিশু সাহিত্যিক অভিজিৎ শৰ্মা বৰুৱা, অধ্যাপিকা প্ৰণয়ী দত্ত, অধ্যাপক বিভাস চৌধুৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক ডঃ ঈংশাকুৰ শইকীয়াই । ড০ কুলেন্দু পাঠকে তেওঁৰ বক্তব্যত এখন সমাজৰ সাহিত্য আৰু বিজ্ঞানৰ উত্তৰণত এনেবোৰ বিশ্বখ্যাত গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে । অনুবাদিকা বন্দিতা ফুকনে গ্ৰন্থখনৰ বিষয় বস্তুৰ ওপৰত চমুকৈ আলোকপাত কৰি বক্তব্য ৰাখে । টাইম মেচিনত উঠি অতীতলৈ গমন কৰা বিষয়বস্তু টানি আনি তেওঁ কয় যে ই কেতিয়াও কোনোকালে ম্লান নোহোৱা এইচ জি ৱেলছৰ এক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সৃষ্টি । সভাত যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমী ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ।