অসম গৌৰৱ বঁটা লাভ কৰি আৱেগিক ধৃতিমালা ডেকা

অসম গৌৰৱ বঁটা লাভ কৰি আৱেগিক ধৃতিমালা ডেকা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰে ঘোষণা কৰিলে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। ডাঃ তপন শইকীয়ালৈ ‘অসম বৈভৱ’ বঁটা আগবঢ়োৱাৰ লগতে ৫গৰাকীলৈ ‘অসম সৌৰভ’ আৰু ১৫ গৰাকীলৈ ‘অসম গৌৰৱ’ বঁটা আগবঢ়োৱা হয়। ‘অসম গৌৰৱ’ বঁটা লাভ কৰা ১৫ গৰাকীৰ ভিতৰত এগৰাকী বিশেষ মহিলাই লাভ কৰিলে এই সন্মান। মহিলাগৰাকীৰ নাম ধৃতিমালা ডেকা। মানুহৰ শেষ দিনটোৰ সংগী হৈ সমাজৰ সেৱাত নিয়োজিত হৈ থকা ধৃতিমালা ডেকালৈ অসম চৰকাৰৰ বিশেষ সন্মান।নৱগ্ৰহ শ্মশানত মৃতদেহ দাহৰ সময়ত বিভিন্ন ধৰণে সহায় কৰি অহা ধৃতিমালাক কৃতিত্ব প্ৰদান অসম চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই শ্মশান বন্ধু বুলি অভিহিত কৰে ধৃতিমালা ডেকাক।ধৃতিমালাই কৰি অহা কাৰ্যৰ বাবে তেওঁক ৰাজ্য চৰকাৰৰ তৃতীয় সৰ্বোচ্ছ সন্মান অসম গৌৰৱ বঁটা প্ৰদানৰো ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।এই খবৰ লাভ কৰাৰ পিছতে আবেগিক হৈ পৰে ধৃতিমালা ডেকা। উল্লেখ্য যে, ২০১৬ চনৰ পৰাই নৱগ্ৰহ শ্মসানত সক্ৰিয়ভাৱে মৃতদেহ দাহ কৰি আহিছে ধৃতিমালা ডেকাই।দুই সন্তানৰ মাতৃ মহিলাগৰাকীয়ে সময় উলিয়াই প্ৰায়ে শ্মশানলৈ আহি মৃতদেহ দাহ কাৰ্যত পৰিয়ালক সহায় কৰি আহিছে।ধৃতিমালাৰ এনে মহৎ কাৰ্যই ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ পিছতে অসম গৌৰৱ বঁটাৰে তেওঁক সন্মানিত কৰাৰ ঘোষণা কৰে অসম চৰকাৰে।