অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন

অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন

ৰঙিলী বাৰ্ত্তাসেৱা–  গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ভাষিক সংখ্যালঘু পৰিষদৰ আজি এখন কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হয়। উক্ত অধিৱেশনত ভাষিক সংখ্যা লঘূ সকলৰ সমস্যা সমাধান কৰা আৰু তেওঁলোকক সন্মান দিয়া অসমৰ একমাত্ৰ দলটোৱে হৈছে অসম গণ পৰিষদ বুলি প্ৰাক্তন অগপ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰে।  ভাষিক সংখ্যালঘু পৰিষদৰ মুখ্য আহ্বায়ক মিথুন ৰয় আৰু তত্বাৱধায়ক প্ৰাণ ৰয়ৰ নেতৃত্বত আজিৰ এই সভা অনুস্থিত হয়। সভাৰ মাজতে এক যোগদান কাৰ্য্যসূচীও অনুস্থিত হয়। শিৱসাগৰৰ পৰা বিশাল দাগাৰ লগতে ৫ জন ব্যক্তিয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। জানিব পৰা মতে ভাষিক সংখ্যালঘু পৰিষদৰ এখন তদৰ্থ কমিটী গঠন কৰা হ’ব৷ সভাত উপ সভাপতি ভূপেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, মনোজ শইকীয়া,সাধাৰণ সম্পাদক (এ জি পি), কে আদি কৰি প্ৰায় ২০০ জন মান ব্যক্তি উপস্থিত আছিল।