অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া বিচিচিআইৰ যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত

Pc Daily Assam News

ৰঙিলী বাৰ্ত্তাসেৱা-  বিচিচিআইৰ  ৯১ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত ৰজাৰ বিন্নী বিচিচিআইৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে।জয় শ্বাহক একেৰাহে দ্বিতীয়বাৰৰ বাবে ব’ৰ্ডৰ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে ৰাজীৱ শুক্লা উপ-সভাপতি হৈ আছে।অসম ক্ৰিকেট সংস্থাৰ সম্পাদক দেৱজিত শইকীয়া বিচিচিআইৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত কৰা হৈছে। কোষাধ্যক্ষ হিচাপে আশীষ শেলাৰক নিৰ্বাচিত কৰা হৈছে।বিদায়ী কোষাধ্যক্ষ অৰুণ ধুমল হ’ব আই পি এলৰ নতুন অধ্যক্ষ।