অসম ইঞ্জিনীয়াৰিং কলেজত ‘পাইৰোকিনেচিছ’

অসম ইঞ্জিনীয়াৰিং কলেজত ‘পাইৰোকিনেচিছ’

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ইঞ্জিনীয়াৰিং কলেজত অনুষ্ঠিত হৈ আছে বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘পাইৰোকিনেচিছ ২০২২’৷ অসম ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰ ছাত্ৰী সকলৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ বাবে অনুষ্ঠিত কৰা এই বৃহৎ অনুষ্ঠানটিৰ ‘মাৰছ এন্দ ভেনাছ’ নামেৰে অনুষ্ঠিত হয় এটি আকৰ্ষণীয় সৌন্দৰ্য প্ৰতিযোগিতা। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকে উপন্যাসিকা ৰুণা লাইলাৰ লগতে সন্মানীয় অতিথি ৰূপে মহিলা সৱলীকৰণৰ নেত্ৰী তথা জনপ্ৰিয় ঘোষিকা বন্দনা বৰুৱা, কবি সাহিত্যিক চুমী ৰহমান,মহিলা ব্যৱসায়ী তথা সমাজ কৰ্মী অঞ্জুমা আহমেদকে আদি কৰি কেইবাগৰাকীও গণ্য মান্য ব্যক্তিৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ গৰিমা বৃদ্ধি কৰে। মহিলা সংগঠন ’অপৰূপা’ ই সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটিত অপৰূপাৰ এগৰাকী মদেৰেটৰ ফাৰহানা খান ৰচিদ উপস্থিত থাকে।