অসম আৰক্ষীৰ তিনিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক সাল-সলনি 

pc NORTHEAST NOW

অসম আৰক্ষীৰ তিনিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক সাল-সলনি 

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজ্যৰ গৃহ বিভাগে অসম আৰক্ষীৰ তিনিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক সাল-সলনি কৰিছে। সেই অনুসৰি কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পার্থপ্রতিম শ‍ইকীয়াক কোকৰাঝাৰৰ চৰাইখোলাৰ সপ্তম অসম আৰক্ষী বেটেলিয়নৰ ছেকেণ্ড আই চি হিচাপে বদলি কৰাৰ বিপৰীতে অসম আৰক্ষীৰ নিৰাপত্তা তথা মুখ্যমন্ত্ৰীৰ সৈতে সংযুক্ত হৈ থকা অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্রত কুমাৰ সেনক কাছাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। আনহাতে, নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াক নিৰাপত্তা বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে মুখ্যমন্ত্ৰীৰ সৈতে সংযুক্ত কৰি বদলি কৰা হৈছে।