অসম আন্দোলনৰ সোঁৱৰণত – ৰাজীৱ গোস্বামী

অসম আন্দোলনৰ সোঁৱৰণত

ৰাজীৱ গোস্বামী

‘অসম আন্দোলন’ৰ সময়ৰ এটি কাহিনী। আৰ আৰ এলত এজন ফটোগ্ৰাফাৰ আছিল। তেওঁৰ নাম আছিল মিষ্টাৰ নেওগ। এবাৰ তেওঁৰ কিছু ‘চাইড বিজনেছ’ কৰিবলৈ মন গ’ল। আৰ আৰ এলৰ গেট নং ১ৰ সন্মুখত এটা ষ্টুডিঅ’ খুলিলে। সেই সময়ত কেৱল ব্লেক-এণ্ড-হোৱাইট ফটোগ্ৰাফীহে আছিল। ক্লিক কৰাৰ পিছত কেমেৰাৰ পৰা ৰিলটোলৈ ৰাসায়নিক পদাৰ্থৰে ধুব লাগে। তাৰবাবে তেও আমগুৰিৰ নিজৰ গাঁৱৰ পৰা সহায় কৰিবলৈ এজন ভায়েকক ‘শিক্ষা নবীছ’ হিচাবে আনি ললে। ভায়েকজনে নিশা ১১ বজালৈকে ৰিলবোৰ ধোৱে। ইয়াৰ পিছত দোকানখন বন্ধ কৰি ভাড়াঘৰলৈ যায়গৈ। তেওঁলোক বাচাদাৰ (প্ৰয়াত ইন্দু ভূষণ গোস্বামীৰ) ঘৰত ভাড়াত আছিল। যেহেতু ভায়েকজন এজন গাঁৱৰ মানুহ আছিল তেও হিন্দীত কথা কোৱাত অতি দুৰ্বল আছিল। সেই দিনবোৰত আকৌ ৰাতি সাত বজাৰ পিছত সকলোৱে ঘৰৰ ভিতৰতে থাকে। অন্যথা টহলদাৰী চি আৰ পি এফে যাকে তাকে বেতাব পাৰে। এদিন ৰাতি ১১ বজাত প্ৰয়াত প্ৰসন্ন গোস্বামী হতৰ আলিমূৰতে এই ভায়েকজনক চি আৰ পি এফে পালে। তেওঁক সিহতে সুধিলে যে ‘কাহা ছে আয়া ?’। মানুহজনে উত্তৰতো দিব খুজিছিল যে ‘মই ফটো ধুই ষ্টুডিঅ’ৰ পৰা উভতি আহিছো’ ৷ কিন্তু তেওঁ নিজৰ ‘স্মাৰ্ট’ হিন্দীৰে এক প্ৰচেষ্টা কৰি কলে যে “মে ধুলাই কৰকে আয়া”। তেওৰ উত্তৰৰ ”ধুলাই” শব্দতো ‘চি আৰ পিয়ে বেলেগ বুজিলে। ভাবিলে ই আছুৰ ল’ৰা কৰবাত মাৰ পিত কৰি আহিছে। সেয়ে সিহতে লগে লগে বিচাৰ কৰি ওলোটাই লাঠিৰে লোকজনৰ টিকাত ভালকৈ ৰিটাৰ্ণ ‘ধুলাই’ দি দিলে।

অৱশ্যে আন্দোলন কালৰ এনে কাহিনী বহুত আছে।