অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা 

অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম অলিম্পিক সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত শুকুৰবাৰে (২৩ জুন) ডিব্ৰুগড়ত কেন্দ্ৰীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উদযাপন কৰা হ’ব। সেই অনুসৰি পুৱা ৬.৩০ বজাত চৌকিদিঙী খেলপথাৰৰ পৰা জালান আউটড’ৰ ষ্টেডিয়ামলৈ অলিম্পিক দিৱস দৌৰ অনুষ্ঠিত হ’ব। এই সামূহিক দৌৰত প্ৰায় ২০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে জানিবলৈ দিছে। আনাহাতে, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক নিৰঞ্জন শইকীয়াই জনোৱা অনুসৰি অলিম্পিক দিৱসৰ এই দৌৰত অসমৰ কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে ফ্লেগ অফ কৰিব। অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া উপস্থিত থাকিব। ইফালে, দুপৰীয়া ১২ বজাত জালান আউটড’ৰ ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হব। ইয়াৰ পূৰ্বে সন্থাৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ’ব।